এৰাবাৰীলৈ পৰিণত মাৰ্ঘেৰিটাৰ ১০ কোটি টকীয়া পানী যোগান প্ৰকল্প

মাৰ্ঘেৰিটা নগৰৰ অন্যতম জলন্ত সমস্যা হৈছ বিশুদ্ধ খোৱা পানীৰ সমস্যা। ২০১১ চনতেই মাৰ্ঘেৰিটা নগৰ সমিতিয়ে প্ৰায় ১০ কোটি টকা ব্যয় সাপেক্ষে পানী যোগান প্ৰকল্পৰ কাম আৰম্ভ কৰিছিল যদিও আজি পৰ্যন্ত উক্ত আঁচনি কাৰ্যক্ষম ন’হল।

সেই সময়ৰ বিধায়ক তথা মন্ত্ৰী প্ৰদ্যুত বৰদলৈৰ তৎপৰতাত কেন্দ্ৰীয় চৰকাৰৰ NLCPR আঁচনিৰ অধীনত দহ কোটি টকীয়া এই পানী যোগান প্ৰকল্প আৰম্ভ হৈছিল। কিন্তু প্ৰকল্পটোৰ কাম সম্পূৰ্ণ নকৰাৰ বাবে পৰিত্যক্ত যন্ত্ৰ পাতিত মামৰে ধৰাৰ লগতে বন গজিছে। তদুপৰি দুজন চৰকাৰী কৰ্মচাৰী থাকে যদিও কামৰ অভাৱত তেওঁলোকৰ চৰকাৰী ভাত খোৱাৰ বাদে অন্য একো হোৱা নাই বুলিও একাংশই মন্তব্য কৰে।

উল্লেখযোগ্য যে ৮৫ শতাংশ কাম হৈ উঠাৰ পিছতো বাকী ১৫ শতাংশ কাম কিয় বৰ্তমানৰ চৰকাৰখনে বিগত ডেৰ বছৰে সম্পূৰ্ণ কৰিব পৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰিছে ছাত্ৰ মুক্তিৰ সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক পাপু দত্তই।

আনহাতে এই প্ৰসংগত নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুত বৰদলৈয়ে কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ পিছত NLCPR আঁচনিখন বন্ধ কৰাৰ লগতে পুঁজি বন্ধ কৰি দিয়াৰ বাবে প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হৈ নুঠিল বুলি মন্তব্য কৰে। তেওঁ লগতে বাকী ১৫ শতাংশ কাম মাৰ্ঘেৰিটাৰ বৰ্তমানৰ বিধায়ক ভাস্কৰ শৰ্মাক সম্পূৰ্ণ কৰি নগৰবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিবলৈ আহ্বান জনায়।