গুৱাহাটীৰ সৰুসজাইৰ ইণ্ডিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এ এফ চি কাপ ফুটবলৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত বেংগালুৰু এফ চি দলে সহজতে পৰাস্ত কৰে আইজল এফ চি দলক।
উল্লেখ্য যে বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা খেলখনত বেংগালুৰু এফ চি দলে আইজল এফ চি দলক ৩-১ ব্যৱধানত পৰাস্ত কৰে। কালিৰ খেলখনত ভাৰতীয় ফুটবলৰ অন্যতম শ্ৰেষ্ঠ ক্লাব ৰূপে পৰিচিত বেংগালুৰু দলে ফেভাৰিট হিচাপেই খেলপথাৰত অৱতীৰ্ণ হৈছিল আৰু সহজে বিজয়ীও হয়।
মেচখনত বেংগালুৰু দলটোৱে আৰম্ভণিৰে পৰা নিজৰ প্ৰভাব বিস্তাৰ কৰি খেলৰ গতি নিয়ন্ত্ৰণ কৰে। অৱশ্যে আইজল দলে আক্ৰমণাত্মক খেলেৰে আৰম্ভণি কৰি মেচৰ প্ৰথম পাঁচ মিণিটতে এল ড’ড’জৰ সহায়ত অগ্ৰগতি ল’বলৈ সক্ষম হৈছিল।
কিন্তু মেচৰ সময় অতিবাহিত হোৱাৰ লগে লগে অভিজ্ঞ খেলুৱৈৰ দ্বাৰা পৰিপুষ্ট বেংগালুৰুৱে খেলখন নিজৰ নিয়ন্ত্ৰণলৈ আনে। আৰু প্ৰথমাৰ্ধৰ অতিৰিক্ত সময়ত এক পেনাল্টীৰ জৰিয়তে ডেনিয়েল ছেখ’ভিয়াই বেংগালুৰু দলক সমতালৈ আনে।
প্ৰথমাৰ্ধ ১-১গ’লত সমাপ্ত হোৱা মেচখন দ্বিতীয়াৰ্ধ ছিল বেছ ৰোমাঞ্চৰ আৰু আকৰ্ষণীয়। দ্বিতীয়াৰ্ধত বেংগালুৰুৱে অধিক আক্ৰমণাত্মক মনোভাবেৰে খেলপথাৰত নামে আৰু বিৰোধীক নিজৰ গতিৰে থকা সৰকা কৰে।
মেচখনৰ ৬৩ মিণিটত বেংগালুৰুৰ হৈ ৰজু ভেকে আৰু ৭৭ মিণিটত ডি লাললিম জুইয়াৰৰ জজৰিয়তে গ’ল কৰি খেলখনত ৩-১ গ’লৰ ব্যৱধানত বিজয়ী হয়।