এ পি এছ চিৰ কৃষি উন্নয়ন বিষয়া বাছনি কেলেংকাৰী : তদন্তৰ অগ্ৰগতিৰ প্ৰতিবেদন দাখিল আদালতত

550250-apsc-678x381

অসম লোকসেৱা আয়োগৰ অধীনত কৃষি উন্নয়ন বিষয়া বাছনিৰ নামত সংঘটিত কেলেংকাৰী সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে তদন্তৰ অগ্ৰগতিৰ প্ৰতিবেদন আদালতত দাখিল কৰিছে। মহানগৰৰ ভঙাগড় থানাত ৰুজু হোৱা ১৫৯ /২০১৭ নং গোচৰটোৰ অগ্ৰগতিৰ প্ৰতিবেদন বিশেষ আদালতত দাখিল কৰে।

উল্লেখযোগ্য যে এই গোচৰটোত অভিযুক্ত অসম লোকসেৱা আয়োগৰ নিলম্বিত অধ্যক্ষ ৰাকেশ পাল আৰু আন এগৰাকী আয়োগৰ নিলম্বিত সদস্য ড০ বসন্ত কুমাৰ দলে কাৰাবন্দী হৈ আছে।

আদালতৰ নিৰ্দেশ অনুসৰিয়েই তদন্তকাৰী বিষয়াই দাখিল কৰা এই অগ্ৰগতিৰ প্ৰতিবেদনখনত বৰ্তমান পৰ্যন্ত তেওঁলোকে লাভ কৰা তথ্য প্ৰমাণ আৰু তাৰ ভিত্তিত চলাই থকা তদন্তৰ বিষয়ে আদালতক অৱগত কৰিছে।

উক্ত গোচৰটোৰ সংক্ৰান্তত জব্দ কৰা উত্তৰ বহীৰ ফৰেনচিক পৰীক্ষাৰ প্ৰতিবেদনত কমেও ২০ জন নিৰ্বাচিত কৃষি বিষয়াৰ বহীত জালিয়াতি ধৰা পৰাৰ বিষয়ে তদন্তকাৰী বিষয়াই আদালতক জনাইছে।

জানিব পৰা মতে এই জালিয়াতিত ৰাকেশ পালক সহযোগ কৰা আন দুজন পূৰ্বৰ সদস্যৰ কথাও অগ্ৰগতিৰ প্ৰতিবেদনত আদালতক জনোৱা হৈছে। এই গোচৰটোৰ তদন্ত সম্পূৰ্ণ কৰাৰ বাবে আৰক্ষীয়ে ইতিমধ্যে তিনিমাহ সময় লৈছে।