NORTHEAST NOW (Assamese)

এ পি এছ চিৰ কেলেংকাৰিৰ আন এগৰাকী অভিযুক্ত নিশামণি ডেকাৰ আত্মসমৰ্পণ

December 19, 2017 5:36 pm · এন ই নাও নিউজ

ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰা এ পি এছ চিৰ কেলেংকাৰিত অভিযুক্ত তথা আৰক্ষীৰ পৰা অতদিনে পলাই ফৰুলা এগৰাকী এ চি এছ বিষয়া নিশামণি ডেকাই আজি আত্মসমৰ্পণ কৰে। যোৱা ৪০ দিনতকৈও বেছি দিন আত্মগোপন কৰি থকা নিশামণিয়ে আজি অসম আৰক্ষীৰ গুৱাহাটীস্থিত কাহিলিপাৰাত থকা বিশেষ শাখাত সোঁশৰীৰে উপস্থিত হয়। আনহাতে তেওঁৰ উকীলে গুৱাহাটী উচ্চ ন্যায়ালত আৰ্জি পেচ কৰিছিল যে তেওঁৰ দুমহীয়া কেঁচুৱা আছে আৰু সেয়ে তেওঁক আগতীয়া জামিন দিব লাগে। তেওঁ কেইবাবাৰো জামিন আৱেদন কৰিছিল। কিন্তু ন্যায়ালয়ে তেওঁৰ জামিন আৱেদন বাৰে বাৰে নাকচ কৰাৰ পৰিপ্ৰেক্ষিতত আজি আত্মসমৰ্পণ কৰা বুলি জানিবলৈ দিয়ে সূত্ৰটোৱে। নিশামণিকে ধৰি এই কুখ্যাত উল্লেখযোগ্য যে কেলেংকাৰিটোত গ্ৰেপ্তাৰ হোৱা বিষয়াৰ সংখ্যা ২৪ লৈ বৃদ্ধি পালে। আনহাতে ৰাকেশ গুপ্তা নামৰ আন এজন অভিযুক্ত এতিয়াও পলাতক অৱস্থাত আছে।

Related News