এ পি এছ চিৰ কেলেংকাৰি : ৬ জন বিষয়াক চাকিৰৰ পৰা বৰ্খাস্ত

এ পি এছ চি ভৱন

প্ৰতিনিধিত্বমূলক চিত্ৰ

এ পি এছ চিৰ কেলেংকাৰিৰ সৈতে জড়িত হৈ কাৰাগাৰত বন্দী হৈ থকা ৬ জন এ পি এছ বিষয়াক বুধবাৰে ৰাজ্য চৰকাৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰে।

চাকৰিৰ পৰা বৰ্খাস্ত কৰা লোক ৬ জন হ’ল ক্ৰমে হেমন্ত শইকীয়া, জয়ন্ত কুমাৰ নাথ, যতীন্দ্ৰ প্ৰসাদ বৰুৱা, দিলীপ কুমাৰ কলিতা, হৰ্ষজ্যোতি বৰা আৰু ছাবিৰা ইমৰান। চাকৰিৰ পৰা বৰ্খাস্ত কৰা ৬ জন বিষয়াকে পূৰ্বেই চাকিৰৰ পৰা নিলম্বিত কৰা হৈছিল।

 

উল্লেখযোগ্য যে ৰাকেশ পাল বাহিনীৰ পৰা অসৎ উপায়েৰে চাকৰি লোৱাৰ তথ্য-প্ৰমাণ পোৱাৰ পাছতে এ পি এছ চিৰ কেলেংকাৰিৰ তদন্তকাৰী ডিব্ৰুগড় আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিল।

বিগত বৰ্ষৰ নৱেম্বৰ মাহত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আটাইকেইজন বৰ্তমান গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে।