NORTHEAST NOW (Assamese)

এ পি এছ চি কেলেংকাৰিত গ্ৰেপ্তাৰ হোৱা সকলৰ বিৰুদ্ধে কেছ ডায়েৰি দাখিল ডিব্ৰুগড় আৰক্ষীৰ

December 4, 2017 5:48 pm · এন ই নাও নিউজ ব্যুৰো

আজি ডিব্ৰুগড় আৰক্ষীয়ে এ পি এছ চিৰ কেলেংকাৰিত অভিযুক্ত ২৩ জন বিষয়াৰ বিৰুদ্ধে গুৱাহাটীৰ বিশেষ ন্যায়াধীশৰ আদালতত কেছ ডায়েৰি দাখিল কৰে। উল্লেখযোগ্য যে গোটেই ৰাজ্য জুৰি আলোড়ন সৃষ্টি কৰা এই কেলেংকাৰিটোত আৰক্ষীয়ে এতিয়ালৈকে ২৩জন এ চি এছ, এ পি এছ আৰু সংযুক্ত সেৱা (allied service)ৰ বিষয়াক ধন দি চাকৰি লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে ২০১৫ বৰ্ষৰ চামটোৰ পৰা বক্ৰ পথেৰে চাকৰি পোৱা মুঠ ২৫ জন বিষয়াক চিনাক্ত কৰিছিল। আনহাতে আজি আৰক্ষীয়ে ১৪ জন বিষয়াক আদালতত হাজিৰ কৰোৱায়। আদালতে তেওঁলোকক ১৪ দিনৰ ন্যায়িক জিম্মাত দিয়ে। আন এগৰাকী বিষয়া ৰুমী শইকীয়াকো ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। তেওঁ ইতিপূৰ্বে ১৪ দিনৰ আৰক্ষীৰ জিম্মাত আছিল। দুগৰাকী বিষয়া ক্ৰমে এ চি এছ নিশামণি ডেকা আৰু এ পি এছ ৰাকেশ গুপ্তাৰ এতিয়াও শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে। আনহাতে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ পুত্ৰ ৰাজৰ্ষি সেন ডেকাই তেওঁৰ জামিনৰ বাবে আজি আদালতত আৱেদন কৰা বুলি জানিব পৰা গৈছে।

Related News