এ পি এছ চি কেলেংকাৰি : সোণোৱালৰ তদন্তই ঢুকি নাপায় অভিযুক্ত কাকতৰ সম্পাদক-পত্নীক

apsc assam scam

শংকৰদেৱ কলাক্ষেত্ৰত ‘জনসম্পৰ্কৰক্ষী বিষয়া’ৰ কোনো পদ নথকা সত্ত্বেও ক্ষমতাশালী সাংবাদিক বিশ্বজিৎ দাসৰ পত্নী হোৱা সূত্ৰেই এই ‘নথকা পদটো’ৰ দৰমহা লৈ আছে বৰ্ণালী মিশ্ৰই।

এ পি এচ চিৰ দুৰ্নীতি সন্দৰ্ভত সোণোৱাল চৰকাৰৰ ‘তদন্তৰ জালত এতিয়াও বহু ৰৌ বৰালি পৰা নাই’ বুলি মন্তব্য কৰি আজি ৯ জুনত দিচপুৰ প্ৰে’ছ ক্লাবত এক সংবাদমেলযোগে এই বিস্ফোৰক দাবী কৰিছে আৰ টি আই কৰ্মী দুলাল বৰাই।

এই সন্দৰ্ভত অভিযোগ দাখিলৰ পিছতো কোনো তদন্ত নোহোৱাটোৱে উক্ত সাংবাদিকজনৰ সৈতে চৰকাৰী আমোলা আৰু ৰাজনৈতিক বিষয়াৰ সু-সম্পৰ্ক থকাকে সূচায় বুলি বৰাই দাবী কৰে।

দিচপুৰ থানাত ২০১৫ চনৰ ২২ মে’ত তেওঁ তৰা ১০২৭/১৫ নম্বৰৰ গোচৰটোৰ উল্লেখ কৰি বৰাই কয় যে সাংবাদিকজনৰ এই দুষ্কাৰ্য্যৰ বিৰুদ্ধে সংবাদ মাধ্যমত বাতৰিও প্ৰকাশ পাইছিল।

অসমীয়া খবৰ কাকতৰ কাৰ্য্যবাহী সম্পাদক,  ‘ৰাকেশ পালৰ ঘনিষ্ঠ’ বিশ্বজিৎ দাসে পালৰ সৈতে লগ হৈ আয়োগৰ অধীনত অনুষ্ঠিত পৰীক্ষাত বহু আত্মীয়ৰ লগতে নিজৰ পত্নীকো চাকৰি দিছিল বুলি তেওঁ দাবী কৰে।

ইয়াৰোপৰি আনছুল গোৱেল নামৰ এজন ব্যৱসায়ী আৰু ধীৰাজ দাস নামৰ অসম সচিবালয়ৰ এজন কৰ্মচাৰীৰ বিৰুদ্ধেও অভিযোগ দাখিলৰ পিছতো চলা নাই তদন্ত।

‘৪ বছৰমান আগলৈকে ঝাড়ু বেপাৰ কৰা’ আনছুল গোৱেলে অসম সচিবালয়লৈ অহা-যোৱা কৰাৰ সূত্ৰে ধীৰাজ দাসৰ সৈতে চিনাকি হয় বুলি দাবী কৰি বৰাই কয় যে ধীৰাজ দাস ৰাকেশ পালৰ ‘অতিকৈ ঘনিষ্ঠ’।

উক্ত ব্যক্তি দুজনকো এ পি এচ চিৰ তদন্তত সামৰি লোৱাৰ বাবে ২০১৭ চনৰ ৬ জুনত বৰাই অভিযোগ পত্ৰ প্ৰেৰণ কৰিছিল যদিও বৰ্তমানলৈকে লোক দুজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে আৰ টি আই কৰ্মীগৰাকীয়ে।

পূৰ্বে অখিল গগৈয়েও এ পি এচ চিৰ দুৰ্নীতিৰ তদন্ত ঠিকমতে চলা নাই বুলি অভিযোগ উত্থাপন কৰিছিল।