এ পি এছ চি কেলেংকাৰী : ১১ দিনৰ আৰক্ষীৰ জিম্মালৈ ১৯ গৰাকী ৰাজপত্ৰিত বিষয়া

19-07-18 Guwahati- APSC scam accuse produce court

এপিএছচিৰ গোচৰত বুধবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ১৯ গৰাকী ৰাজপত্ৰিত বিষয়া। ফটো : ইউ বি

আজি কামৰূপ(মহানগৰ)ৰ  বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱাৰ পাছত বুধবাৰে গ্ৰেপ্তাৰ হোৱা আটাইকেইজন বিষয়াকে ১১ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। বক্ৰ পথেৰে অসম লোকসেৱা আয়োগৰ অধীনত লোভনীয় চাকৰি ক্ৰয় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ১৯ বিষয়াক আজি ১৯ জুলাইত আৰক্ষীয়ে বিশেষ ন্যয়াধীশৰ আদালতত হাজিৰ কৰাইছিল।

অসম লোকসেৱা আয়োগৰ নিলম্বিত অধ্যক্ষ ৰাকেশ পালৰ দিনত সংঘটিত হোৱা ভয়াৱহ নিযুক্তি কেলেংকাৰীৰ তদন্ত চলি থকাৰ মাজতে কালি ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এ চি এচ, এ পি এচ, কৰ বিষয়া আৰু পৰিবহণ বিষয়া হিচাপে দায়িত্বত থকা ১৯ বিষয়াক।

গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত আছে  (১) ঋতুৰাজ নেওগ, কৰ অধীক্ষক, (২) নিপন কুমাৰ পাঠক, কৰ পৰিদৰ্শক, (৩) গুলছন ডাইলাগপু, অসম আৰক্ষী সেৱা, (৪) পল্লবী শৰ্মা, অসম আৰক্ষী সেৱা, (৫) ভাৰ্গৱ ফুকন, অসম আৰক্ষী সেৱা, (৬) সুৰঞ্জিতা হাজৰিকা, ডি টি অ’, (৭) উৎপল ভূঞা, (৮) বৰ্ণালী দাস, (৯) সুশোভন দাস, (১০) ধ্ৰুৱজ্যোতি চক্ৰৱৰ্তী, (১১) মঞ্জুৰ ইলাহী লস্কৰ, (১২) মুন মজুমদাৰ, (১৩) মুস্তাফা আহমেদ বৰভূঞা, (১৪) মঃ চাইবুৰ ৰহমান বৰভূঞা, (১৫) মনিকা তেৰনপী, (১৬) গণেশ চন্দ্ৰ দাস, (১৭) শ্ৰাৱন্তি সেন গুপ্তা, (১৮) দ্বীপশিখা ফুকন আৰু (১৯) লীনা কৃষ্ণ কাকতী।

ইপিনে বিজেপি সাংসদ আৰ পি শৰ্মাৰ জীয়ৰী পল্লবী শৰ্মাকে ধৰি ৭ গৰাকী বিষয়াই আজি বিশেষ আদালতত জামিন আবেদন কৰিছিল যদিও আদালতে তেওঁলোকৰ আবেদন নাকচ কৰা বুলি অধিবক্তা বিজন মহাজনে জানিবলৈ দিয়ে। উল্লেখ্য যে, পল্লবী শৰ্মাই পিতৃৰ শাৰিৰিক অসুস্থতাৰ দোহাই দি আদালতত জামিন আবেদন কৰিছিল কিন্তু জামিনৰ বাবে প্ৰয়োজনীয় নথি আদলতত দাখিল কৰিব নোৱাৰা বুলি অধিবক্তাগৰাকীয়ে জানিবলৈ দিয়ে।

ইপিনে বিশেষ ন্যায়াধীশৰ আদালতে বিষয়াসকলক অহা ৩০ জুলাইত পুনৰ আদালতত হাজিৰ কৰোৱাৰ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে, সেইদিনাই এ পি এচ চিৰ তদন্তকাৰী আৰক্ষী বিষয়া সুৰজিৎ সিং পানেচাৰে সংবাদ মাধ্যমৰ আগত বক্তব্য ৰখা বিষয়টোক লৈও আদালতে শুনানি গ্ৰহণ কৰিব।