এ পি এছ চিৰ কেলেংকাৰি : জামিনৰ বিনিময়ত ধনৰ লেনদেনৰ অভিযোগত আদলতত হাজিৰ হ’ল তদানীন্তন বিশেষ ন্যায়াধীশ

এ পি এছ চি ভৱন

প্ৰতিনিধিত্বমূলক চিত্ৰ

এ পি এছ চিৰ কেলেংকাৰিত নিতৌ নতুন নতুন তথ্য আৱিস্কাৰ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰাৰ সময়তে এই গোচৰত সাঙোৰ খাই পৰিছে ন্যায়পালিকাৰ বিচাৰকো। ন্যায়পালিকাক কলংকিত কৰি এ পি এছ চিৰ নিযুক্তি কেলেংকাৰিত  অভিযুক্তক জামিন প্ৰদানৰ নামত ধনৰ লেনদেনৰ অভিযোগত তদানীন্তন বিশেষ ন্যায়াধীশ প্ৰশান্ত কুমাৰ শইকীয়া শুকুৰবাৰে আদালতত হাজিৰ হয়।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ চমন লাভ কৰি আদালতত হাজিৰ হোৱা ন্যায়াধীশ শইকীয়াই নিজৰ জবানবন্দী দাঙি ধৰে। শুকুৰবাৰে পুৱা দহ বজাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ উপস্থিতিত তদাৰকী পঞ্জীয়কক ন্যায়াধীশ প্ৰশান্ত কুমাৰ শইকীয়াই জবানবন্দী প্ৰদান কৰে। ন্যায়াধীশ প্ৰশান্ত কুমাৰ  শইকীয়াৰ জবানবন্দী শুকুৰবাৰে ৰেকৰ্ডিং কৰা হয়।

জানিব পৰা মতে, ন্যায়াধীশ শইকীয়াই অধিবক্তা দালাল শৈলেন শৰ্মা বৰুৱা আৰু ব্যৱসায়ী দালাল সুৰজিৎ চৌধুৰীৰ পৰা ধনৰ ‘অফাৰ’ পোৱাৰ কথা স্বীকাৰ কৰিছে। তদানীন্তন বিশেষ ন্যায়াধীশ শইকীয়াক এক কোটি টকা উৎকোচ দিয়াৰ প্ৰস্তাৱ দিয়াৰ কথা ন্যায়াধীশগৰাকীয়ে নিজেই সাক্ষ্য প্ৰদানত সদৰী কৰে।

অৱশ্যে, অভিযুক্ত বিষয়াক জামিন প্ৰদানৰ বিনিময়ত এই বৃহৎ পৰিমাণৰ ধনৰ প্ৰস্তাৱ পালেও ধন লোৱাৰ অভিযোগ অস্বীকাৰ কৰে শইকীয়াই। প্ৰায় আধা ঘণ্টা ধৰি উচ্চ ন্যায়ালয়ৰ তদাৰকী পঞ্জীয়কৰ সন্মুখত সাক্ষ্য প্ৰদানৰ সময়ত তদানীন্তন বিশেষ ন্যায়াধীশগৰাকীক চিন্তিত যেন দেখা গৈছিল।

ইপিনে প্ৰাক্তন ন্যায়াধীশ শইকীয়াই জেৰাত বহু বিস্ফোৰক তথ্য সদৰী কৰাৰ লগতে কেইবাজনো অধিবক্তাৰ নামো ব্যক্ত কৰা বুলি জানিব পৰা গৈছে।

আনহাতে, গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰেপ্তাৰ হোৱা এ পি এছ বিষয়া পল্লৱী শৰ্মাৰ জামিন আৱেদন নাকচ কৰিছে। পিতৃ, সাংসদ আৰ পি শৰ্মাৰ শাৰীৰিক অসুস্থতাৰ দোহাই দি জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল পল্লৱী শৰ্মা। ইয়াৰ পূৰ্বেও বিশেষ আদালতত একেই কাৰণতে জামিন বিচাৰি পল্লৱী বিমুখ হৈছিল।