পহিলা মাঘৰ দিনা অনুষ্ঠিত হ’ল ঐতিহাসিক আঁহতগুৰি ম’হযুঁজ। উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাক আওকাণ কৰি অসমীয়া জাতীয় পৰাম্পৰাৰ নিজস্ব স্বকীয়তা ৰক্ষাৰ স্বাৰ্থত একাংশ ম’হ গোৱাল আৰু স্থানীয় ৰাইজৰ উদ্বোগত অনুষ্ঠিত কৰিলে এই ম’হযুঁজৰ। অতীজৰ পৰা প্ৰচলিত এই পৰম্পৰা ৰক্ষা কৰাত কোনো কৃপণালি নকৰি ৰহাৰ সমীপৱৰ্তী আঁহতগুৰিৰ ৰসৰাজ লক্ষীনাথ বেজবৰুৱা ক্ষেত্ৰত ঐতিহাসিক ম’হ যুঁজ অনুষ্ঠিত কৰিলে গোৱালসকলে৷
চলিত বর্ষত ৪৬সংখ্যক বর্ষত উপনীত হোৱা আঁহতগুৰি ম’হ যুঁজে এক সোণোৱালী ইতিহাস বহন কৰিলে যদিও দুবছৰ পূৰ্বে উচচতম ন্যায়ালয়ৰ এক নির্দেশত ম’হ যুঁজ অনুষ্ঠিত কৰাত বাধা আহি পৰিছিল। ইয়াৰ বিপৰীতে আজি স্থানীয় গোৱালসকল সন্মিলিত হৈ অনানুষ্ঠানিকভাৱে আয়োজন কৰিলে এই ঐতিহাসিক ম’হযুঁজ৷ যুঁজত নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৩০ হালৰো অধিক গোনা ম’হে অংশ লয়৷ গোনা ম’হৰ শিঙৰ খটখটনি আৰু দুই ম’হৰ তীব্র যুঁজত কঁপি উঠিল ঐতিহাসিক আঁহতগুৰিৰ ম’হ যুঁজ। অসমীয়াৰ বাপতিসাহোন ভোগালী বিহুৰ লগত সংগতি ৰাখি অতীজৰে পৰা পালন কৰি অহা জাতীয় পৰম্পৰাগত খেলক হেজাৰ প্রাচীৰেও বাধা দিব নোৱাৰিলে কার্যতঃ সেয়াই প্ৰমান কৰি দেখুৱালে আঁহতগুৰিবাসীয়ে।
লক্ষণীয় যে ম’হ যুঁজত অংশগ্ৰহণ কৰা ম’হ গোৱালৰ একাংশই আমাৰ সাংবাদিকৰ আগত প্ৰকাশ কৰে, ‘ম’হ যুঁজ প্ৰতিযোগিতা হৈছে আমাৰ পৰম্পৰা। এই পৰাম্পৰা যোৱা কেইবা দশকযুৰি পালন কৰি আহিছো আৰু বৰ্তমান ম’হ যুঁজ ভোগালী বিহু উদযাপনৰ এক অবিচ্ছেদ্দ অংগ’।
অতি তাৎপৰ্যপূৰ্ণ কথা যে দুবছৰ পূৰ্বে অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতে উচ্চতম ন্যায়ালয়ে দেশত প্ৰচলিত পৰম্পৰামূলক যিকোনো জন্তু যুঁজৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল। এই নিষেধাজ্ঞাৰ ফলতেই অসমত প্ৰচলিত পৰম্পৰা বুলবুলি যুঁজ, ম’হ যুঁজ, কুকুৰা যুঁজৰ দৰে খেল প্ৰায় বন্ধ হৈ পৰাৰ উপক্ৰম ঘটিছে। লক্ষণীয় যে দেশত প্ৰচলিত পৰাম্পৰা খেলৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ বিপৰীতে বিভিন্ন সময়ত অসমৰ লগতে ভাৰতবৰ্ষত ধৰ্মৰ নামত বলি বিধানৰ জৰিয়তে বিভিন্ন জন্তু হত্যা কৰা কাৰ্যক এতিয়ালৈ উচ্চতম ন্যায়ালয়ে কিদৰে বৈধতা প্ৰদান কৰিছে সেয়া এক ডাঙৰ উদ্বেগৰ বিষয়।