শিৱসাগৰ জিলাৰ ঐতিহাসিক ডিমৌ পুখুৰী বেদখল মুক্ত হ’ব নে?

CYMERA_20180208_225536-1

৬০০ বছৰীয়া আহোম ৰাজত্বৰ গৌৰৱোজ্জ্বল  ইতিহাসৰ চানেকি থকা বহু সম্পদ আজিও সংৰক্ষণৰ অভাৱত জহি খহি যোৱাৰ লগতে বেদখলকাৰীৰ কবলত পৰি নিঃশেষ হোৱাৰ পথত।

এনে এক সম্পদ হৈছে ঐতিহাসিক ডিমৌ পুখুৰী। ডিমৌ চাৰিআলিৰ নিলগৰ আহোম ৰাজত্বৰ সময়ত খন্দা  ডিমৌ পুখুৰীটো  বেদখলকাৰীৰ কবলৰ পৰা উদ্ধাৰ হ’বনে সেয়া আজি ডিমৌৰ প্ৰতিজন সচেতন নাগৰিকৰ প্ৰশ্ন হৈ পৰিছে।

১৯০১ চনত ডিমৌ চক্ৰ বিষয়াৰ কাৰ্য্যলয়ৰ ডিমৌ মানচিত্ৰত এই পুখুৰীটোৰ বিষয়ে সম্পূৰ্ণ ভাৱে উল্লেখ  আছিল যদিও সেই সময়তে অসমলৈ কেৱল মাত্ৰ ব্যৱসায়িক স্বাৰ্থত আগমন ঘটা একাংশ অনা অসমীয়া ব্যৱসায়ীয়ে পুখুৰীটো বেদখল কৰে‌।

উল্লেখ্য যে, ১৯৯০ চনত ডিমৌ ৰাজহ চক্ৰ বিষয়াগৰাকীৰ প্ৰত্যক্ষ সহযোগিতাত বৃহৎ ধনৰ লেনেদেনত পুখুৰীৰ মাটি বেদখল কৰা সকলক তেওঁলোকৰ মাটি সমূহ পট্টা কৰি দিয়া হয়।  ইয়াৰে অলপ মাটি আজিও অৱশিষ্ট ৰূপত পৰি আছে। এইখিনিয়েই  আজিও পুখুৰীটোৰ অস্তিত্বৰ কথা ৰাইজক সোঁৱৰাই আহিছে।

পৰৱর্তী সময়ত ডিমৌ পুখুৰী বেদখল মুক্ত কৰাৰ দাবীত ডিমৌৰ দুই এটা আগশাৰীৰ জাতীয় সংগঠনে অৱস্থান ধৰ্মঘট, গণ স্বাক্ষৰ অভিযান আদিৰ দৰে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল যদিও পৰৱর্তী সময়ত এই প্ৰতিবাদৰ বিপৰীতেকোনো ফলপ্ৰসু সিদ্ধান্ত প্ৰশাসনৰ ফালৰ পৰা গ্ৰহণ কৰা নহ’ল। সময়ৰ সোঁতত এই সংগঠন সমূহেও ৰহস্যজনক কাৰণত নিশ্চুপ হৈ ৰ’ল।

তদুপৰি, থাওৰা সমষ্টিৰ প্ৰাণস্বৰূপ এই পুখুৰীটোৰ ক্ষেত্ৰত থাওৰা সমষ্টিৰ প্ৰতিজন বিধায়কে সেয়া লাগিলে বৰ্তমানৰ বিধায়ক কুশল দুৱৰীয়ে হওঁক বা পূৰ্বৰ সুশান্ত বৰগোহাঁইয়ে হওঁক কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল।

এতিয়া প্ৰশ্ন উঠিছে এই ঐতিহাসিক সম্পদসমূহ এনেদৰেই অৱহেলিত হৈয়ে ৰ’ব নে পৰিৱৰ্তনকামী চৰকাৰে এনেবোৰ জাতীয় আৱেগ জড়িত বিষয়সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব ?

ডিমৌৰ সচেতন মহলে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে  কিছুদিনৰ পূৰ্বে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিমৌ শাখাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু পুনৰ ঐতিহাসিক ডিমৌ পুখুৰী উদ্ধাৰৰ দাবীত  ১২ ফেব্ৰুৱাৰীত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ দুঘন্টাৰ বাবে অৱৰোধ কৰাৰ হুংকাৰ দিছিল।

এই সন্দৰ্ভত ইতিমধ্যে এন ই নাওত বাতৰি ওলাই গৈছে। ইয়াৰ ফলস্বৰূপে যোৱা ৯ ফেব্ৰুৱাৰী ২০১৮ তাৰিখে ডিমৌৰ ৰাজহ চক্ৰ বিষয়া মনোৰমা মৰাঙ, মাটিৰ পট্টাদাৰীসকল আৰু সংগঠনৰ সভাপতি সম্পাদক আদি সকলো লগ হৈ এখন সভাৰ আয়োজন কৰে।

উক্ত সভাত উপস্থিত ব‍্যক্তি সকলে আগতেই নলাৰ বাবে ২-৩ ফুটকৈ মাটি এৰি দিয়া হৈছিল গতিকে পুনৰ ম‍্যাদি পট্টাৰ মাটি এৰি দিব নোৱাৰে বুলি কয়।

উক্ত দিনা সভাত পট্টাদাৰসকলক ডিমৌ পুখুৰীৰ বাবে ৰাজহুৱা স্বাৰ্থৰ খাতিৰত ও ঐতিহাসিক সমলৰ বাবে মাটি এৰি দিবলৈ আহ্বান জনোৱা হয়।  এই সন্দৰ্ভত সময়ে সময়ে সভাৰ আহ্বান কৰা হ’ব বুলিও সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। উক্ত সিদ্ধান্ত মৰ্মে পৰৱৰ্তী সভা ১৫ মাৰ্চত  ধাৰ্য‍ কৰা হৈছে আৰু উক্ত সভাত ৰাইজে স্থানীয় বিধায়কগৰাকীৰ হস্তক্ষেপ বিচাৰিছে।

সমূহ ৰাইজে ডিমৌ অঞ্চলৰ ঐতিহ্য বহন কৰা এনে এটা সম্পদ বেদখল মুক্ত কৰাৰ লগতে উপযুক্ত সংৰক্ষণৰ দাবী জনাইছে।