ঐতিহাসিক সূচনা : আজি মুকলি কৰা হ’ব ভাৰত-ম্যানমাৰৰ মাজৰ স্থলপথ

Indo-Myanmar-FriendshipGate

দশকজোৰা অপেক্ষাৰ অন্তত আজি ৮ আগষ্টত ভাৰত আৰু ম্যানমাৰৰ মাজত যাতায়াত আৰু বাণিজ্যৰ বাবে নিৰ্মিত স্থলপথটো মুকলি কৰা হ’ব।

দুয়োখন দেশৰ নাগৰিকৰ বাবে এই দিনটো ঐতিহাসিক দিন হিচাপে চিহ্নিত হোৱাৰ সম্ভাৱনা আছে। এই স্থলপথক পূবৰ দুৱাৰ আখ্যা দিয়া গৈছে আৰু ই ভাৰত আৰু ম্যানমানৰকে ধৰি আছিয়ান দেশবোৰৰ বাণিজ্যৰ দিশত এটা নতুন সম্ভাৱনাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে।

কেৱল সেয়ে নহয়, সাংস্কৃতিক বিনিময় আৰু পাৰস্পৰিক সদ্ভাবকো ই উৎসাহ যোগাব বুলি আশা কৰা হৈছে।

আনহাতে উত্তৰ-পূবৰ নাগৰিকে ইম্ফলত ভিছা সংগ্ৰহ কৰি খোজ কাঢিয়ে বা গাড়ীত উঠি এই পথেৰে ম্যানমাৰলৈ যাব পাৰিব বা ম্যানমাৰৰ নাগৰিকেও একেদৰে ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্য মণিপুৰ, অসম, নাগালেণ্ডলৈ আহিব পাৰিব। ইয়াৰ বাবে প্ৰয়োজনীয় ‘স্পেচিয়ল লেণ্ড পাৰমিচন’ নীতি উঠাই লোৱা হৈছে বুলি জানিব পৰা গৈছে।

স্থলপথটোৰ ম্যানমাৰত পৰা অংশত ৭৩খন দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে নিৰ্মিত দলং আছিল আৰু এইবোৰ ভাৰতৰ ধনেৰে পুনৰ নিৰ্মাণ কৰি তোলা হৈছে। পথটোও সেইদৰে সম্পূৰ্ণ আধুনিক ধৰণে মেৰামতি কৰা হৈছে। ই ভাৰতৰ মণিপুৰৰ সীমান্তৱৰ্তী মোৰেত আৰম্ভ হৈ ম্যানমাৰৰ তামুত শেষ হৈছে। এই পথটোৱে ম্যানমাৰৰ লগতে থাইলেণ্ডকো উত্তৰ-পূবৰ সৈতে স্থলপথেৰে সংযোগ কৰিব।

ইতিমধ্যে এই বিশেষ দিনটো উদযাপন কৰিবৰ বাবে ভাৰত-ম্যনমাৰ সীমান্তৰ তামো চহৰত আয়োজন কৰা হৈছে এক ৰং-বিৰঙী অনুষ্ঠানৰ। দুয়ো দেশৰ প্ৰতিনিধিৰ উপস্থিতিত অঞ্চলটোত থকা ‘ফেইণ্ড্ৰচিপ ব্ৰীজ’খনৰ ওপৰত থিয় হৈ এই নতুন সম্ভাৱনাৰ পথ মুকলি কৰিব ভাৰত আৰু ম্যনমাৰৰ নেতৃবৃন্দই।

(প্ৰতিবেদনটো যুগুতাওঁতে অধ্যাপক তপন কুমাৰ শৰ্মাৰ পৰা সহায় লোৱা হৈছে।)