NORTHEAST NOW (Assamese)

ঐতিহাসিক ৰংঘৰ বাকৰিত পুৰাতত্ব বিভাগৰ স্বচ্ছতাৰ কাৰ্যসূচী

April 17, 2018 11:03 pm · এন ই নাও নিউজ

কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ বিশেষ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি ঐতিহাসিক ৰংঘৰ বাকৰিত এক স্বচ্ছতাৰ কাৰ্যসূচী হাতত লোৱা হয়।

জানিব পৰা মতে, পুৰাতত্ব বিভাগৰ কনিষ্ঠ সংৰক্ষক সহায়ক অমৰজিত্‍ কুমাৰে নেতৃত্ব দিয়া এই কাৰ্যসূচীত স্থানীয় ৰাইজ, ৰংপুৰ ছোৱালী হাইস্কুলৰ ৩০ গৰাকী ছাত্ৰীৰ লগতে তিনি গৰাকী শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে।

উদ্যোক্তাসকলে জনোৱা মতে স্বচ্ছতাৰ এই অভিযান অহা ৩০ এপ্ৰিললৈ একেৰাহে চলি থাকিব।

আজিৰ কাৰ্যসূচীৰ অংশ হিচাপে ৰংঘৰৰ বাকৰিত আবৰ্জনাৰে ভৰি থকা ঠাইসমূহ সমূহীয়াভাৱে পৰিষ্কাৰ কৰি এই ঐতিহাসিক স্থানক সদায় নিকা আৰু সৰ্বাংগসুন্দৰ কৰি ৰখাত গুৰুত্ব দিয়া হৈছে বুলি উদ্যোক্তাসকলে মত প্ৰকাশ কৰে।

আনহাতে আজিৰ এই স্বচ্ছতাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা ৰংপুৰ ছোৱালী হাইস্কুলৰ শিক্ষয়িত্ৰী ক্ৰমে অৰুণা মুদৈ দাস,ইন্দিৰা বৰগোঁহাই আৰু সমীক্ষা বৰুৱাক উদ্যোক্তাসকলৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

Related News