ঐতিহ্য ক্ষেত্ৰ হিচাপে ৰাইজৰ বাবে মুকলি কৰি দিয়া হ’ব গুৱাহাটীৰ কামৰূপৰ উপায়ুক্তৰ বাসভৱন

K-1-570x320

অসম চৰকাৰে এক মুখ্য আকৰ্ষণ হিচাপে কামৰূপৰ উপায়ুক্তৰ বাসভৱনটো (বাংলো) ঐতিহ্য ক্ষেত্ৰলৈ সলনি কৰি  মহানগৰৰ ভ্ৰমণকাৰীসকলৰ বাবে মুকলি কৰি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

পুননিৰ্মাণৰ পিছত ইয়াত এটা পুথিভঁৰাল, শিশু উদ্যান, শিল্প-কলা মণ্ডল,  ৰেষ্টুৰেন্টৰ সৈতে এটা সৰু যাদুঘৰ, এম্ফীথিয়েটাৰ, ব্ৰহ্মপুত্ৰ দৰ্শনৰ স্থান আৰু খোজকঢ়াৰ বাবে এটা ক্ষেত্ৰ আৰু প্ৰদৰ্শনী তথা পহৰাৰ বাবে ওখ স্তম্ভ ( ৱাট্ছ টাৱাৰ) থাকিব।

জিএমডিএৰ মুখ্য কাৰ্যবাহী বিষয়া এম অংগমুথুৱে দেওবাৰে কয় যে তেওঁলোকে এইটো এপ্ৰিলৰ প্ৰথম সপ্তাহৰ পৰা ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ পৰিকল্পনা কৰিছে। এই ক্ষেত্ৰটো তথা বাসভৱনটোৰ মেৰামতি আৰু শোভাবৰ্দ্ধনৰ কামত ১০ কোটি টকা ব্যয় কৰা হৈছে।

গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ (জিএমডিএ)ৰ গুৱাহাটী নদী পাৰ(ৰিভাৰফ্ৰন্ট) উন্নয়ন প্ৰকল্পৰ অংশ হিচাপে বাসভৱনটোৰ মেৰামতিৰ কাম ২০১২ চনতে আৰম্ভ কৰা হৈছিল।

এইটো সম্পূৰ্ণ কাঠেৰে নিৰ্মাণ কৰা হৈছিল আৰু তিনিটা আহল-বহল শোৱনি কোঠা, এটা ডাইনিং হল, এটা সৰু পুথিভঁৰাল আৰু এটা বিশাল জিৰণি ঘৰ (লিভিং ৰুম) আছে। ইয়াৰ লগতে চাৰিটা শৌচাগাৰ, দুটা ভঁৰালঘৰ আৰু সুকীয়া ড্ৰেছিং ৰুম তথা জিৰণি ঘৰ, শোৱনি কোঠা আৰু পাকঘৰত অগ্নি সুৰক্ষা ব্যৱস্থাৰে বাসভৱনটো গঢ়ি তোলা হৈছে।

বাসভৱনটোৰ ইতিহাস এনেধৰণৰ। আহোম সেনাপতি লাচিত বৰফুকনে শৰাইঘাটৰ যুদ্ধৰ সময়ত তেওঁৰ বৰটোপ ইয়াত ৰাখিছিল আৰু ইয়াক তেওঁৰ নামেৰেই বৰফুকন টিলা বুলি জনা যায়। পৰৱৰ্তী সময়ত ব্ৰিটিছে ইয়াৰ গুৰুত্ব উপলব্ধি কৰি কামৰূপ জিলাৰ উপায়ুক্তৰ বাসভৱনটো নিৰ্মাণ কৰিছিল।

জিএমডিএ লগতে ৰাইজক কোনো ঐতিহ্যপূৰ্ণ শিল্পকলা থাকিলে আগবঢ়াৱলৈ আৱেদন জনাইছে।