NORTHEAST NOW (Assamese)

ওডালগুৰিৰ ৰৌতাৰ বৰোবজাৰত ঢেকীয়াপতীয়াৰ সন্ত্ৰাস

December 14, 2017 12:12 pm · চাজিদ খান
কেমেৰাত বন্দী ওৰাঙ ৰাষ্ট্ৰীয় উদ্যানত বিচৰণ কৰা এটা ঢেকীয়াপতীয়া

এটা সম্পূৰ্ণ প্ৰাপ্তবয়স্ক ঢেকীয়াপতীয়া বাঘে ওডালগুৰিৰ ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত বৰোবজাৰ অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংলগ্ন এই অঞ্চলটোত মাজে সময়ে বাঘৰ আক্ৰমণত মানুহৰ লগতে পশুধনৰ মৃত্যু হৈ আহিছে। অঞ্চলটোৰ এগৰাকী বন্যপ্ৰাণী সংৰক্ষণবিদে এন ই নাওৰ আগত কয় যে যোৱা ১১ নৱেম্বৰৰ পৰাই বৰোবজাৰ অঞ্চলটোত বাঘটোৱে গৰু,ছাগলী, গাহৰি আদি হত্যা কৰি আহিছে।

বাঘটোক আবদ্ধ কৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ যাবলৈ কৰা বন বিভাগৰ প্ৰচেষ্টা ব্যৰ্থ হৈছে। ‘’এতিয়ালৈকে ৫টা গৰু,৬টা গাহৰি আৰু ২টা ছাগলী বাঘটোৱে হত্যা কৰিছে। দুই এদিনতে বাঘটোক আবদ্ধ কৰি মানাহলৈ লৈ যোৱা হ’ব,’’-বন বিভাগৰ এগৰাকী বিষয়াই এইদৰে কয়।

বন বিষয়াগৰাকীয়ে আঙুলিয়াই দিয়ে যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘৰ সংখ্যা বৃদ্ধি পোৱাটোৱে সম্ভৱত: পৰ্যাপ্ত বনাঞ্চলৰ অভাৱত বাঘটো মানুহৰ বসতি অঞ্চললৈ ওলাই অহাৰ কাৰণ।

ইয়াৰ মাজতে ওডালগুৰি জিলাৰ বন বিভাগে শংকিত গাওঁবাসীৰ বাবে সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ঢেকীয়াপতীয়াটোক আবদ্ধ কৰিবলৈ অঞ্চলটোৰ বিভিন্ন স্থানত কেইবাটাও পিঞ্জৰা সাজু কৰি ৰখা হৈছে।

দেশৰ ভিতৰতে অধিক বাঘৰ আৱাসস্থলী হিচাপে পৰিচিত সংৰক্ষিত বনাঞ্চলসমূহৰ ভিতৰত অন্যতম হিচাপে ওৰাঙ ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলে ৰাষ্ট্ৰীয় শিৰোণাম দখল কৰিবলৈ সক্ষম হৈছে। ওৰাঙৰ মাত্ৰ ৭৮.২৮ বৰ্গ কিলোমিটাৰৰ অঞ্চলটো ২৮ টাকৈ বাঘৰ আৱাসস্থলী। এই ক্ষুদ্ৰ সংৰক্ষিত বনাঞ্চলখনত বাঘৰ সংখ্যাৰ ঘনত্ব দেশৰ ভিতৰতে সৰ্বাধিক। ৰাষ্ট্ৰীয় ব্যঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষৰ দ্বাৰা ২০১৭ ৰ জানুৱাৰী-মাৰ্চৰ ভিতৰত চলোৱা সৰ্ব ভাৰতীয় বাঘ সমীক্ষা কাৰ্যসূচীৰ চতুৰ্থ পৰ্যায়ৰ পিয়লত এই তথ্য প্ৰকাশ পাইছে।

Related News