NORTHEAST NOW (Assamese)

ওদালগুৰি জিলাৰ খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চলত বনৰীয়া গাহৰিৰ সন্ত্ৰাস

December 17, 2017 11:04 am · চাজিদ খান
Updated: December 17, 2017 11:21 am

ওদালগুৰি জিলাৰ খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ পাৰ্শ্বৱৰ্তী অঞ্চল সমূহত যোৱা দুদিনত বনৰীয়া গাহৰিৰ আক্ৰমণত এটা ছমহীয়া কেচুঁৱাৰ মৃত্যুৰ উপৰি ১২ বছৰীয়া শিশু গুৰুতৰ ভাবে আহত হৈছিল। যাৰ ফলত এতিয়া এই অঞ্চল সমূহৰ লোকে বনৰীয়া গাহৰিৰ সন্ত্ৰাসত উজাগৰে নিশা কটাবলগীয়া হৈছে।

লক্ষ্যণীয় যে যোৱা ১৪ ডিচেম্বৰত ছমহীয়া পুনা কুমাৰ নামৰ কেচুঁৱাটিয়ে বনৰীয়া গাহৰিৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল। কেচুঁৱাটো মাকৰ কোলাত থকা অৱস্থাত  পিছফালৰ পৰা অচম্বিতে গাহৰিয়ে আক্ৰমণ চলোৱাত লগে লগে কেচুঁৱাটোৰ মৃত্যু ঘটে। সমান্তৰালকৈ এই বনাঞ্চলৰ সমীপতে থকা ননাইখুটী গাওঁৰ সুৰজ চেত্ৰী(12) নামৰ শিশুটিয়ে ১৫ ডিচেম্বৰৰ ৰাতিপুৱা সময়ত শস্য পথাৰত কাম কৰি থাকোতে বনৰীয়া গাহৰিৰ আক্ৰমণত গুৰুতৰ ভাবে আহত হয়। শিশুজনক লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতেললৈ উন্নত চিকিৎসাৰ বাবে লৈ অনা হয়।

খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চলত অবাধে চলোৱা ধ্বংশ যজ্ঞৰ বাবেই সঘনে বনৰীয়া জীৱ-জন্তুয়ে আক্ৰমণ চলোৱা বুলি বন বিশেষজ্ঞই মত পোষণ কৰে। বনাঞ্চল ধ্বংস কৰাৰ ফলত বিভিন্ন সময়ত বনৰীয়া জীৱ-জন্তুৱে খাদ্যৰ সন্ধানত লোকালয়ত প্ৰৱেশ কৰে আৰু আক্ৰমণৰ দৰে ঘটনা সংঘটিত কৰে। ইয়াৰ উপৰি উক্ত বনাঞ্চল খনত বনৰীয়া গাহৰিৰ প্ৰজনন বৃদ্ধিৰ বাবেও আক্ৰমণৰ ঘটনা দিনে দিনে বঢ়াৰ আশংকা ব্যক্ত কৰিছে।

অঞ্চলবাসীয়ে এই সমস্যাৰ পৰা পৰিত্ৰান পাবলৈ বন বিভাগক বিহিত ব্যৱস্থা লবলৈ অনুৰোধ জনায়। ইয়াৰ উপৰি উক্ত অঞ্চল সমূহৰ ৰাইজে যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’ব পৰাকে এক সজাগতা মূলক অভিযানৰ ব্যৱস্থা কৰি দিয়াৰ বাবেও আহ্বান জনায়।

Related News