ওদালগুৰিতো আমদানিকৃত গামোচাৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ অভিযান

Gamosa_Biponi_2

ৰাজ্যৰ বহুকেইঠাইত বাহিৰৰ পৰা অনা মেচিনত বোৱা গামোচাৰ বিৰুদ্ধে অভিযান চলি থকাৰ মাজতে ওদালগুৰিতো একে ধৰণে আমদানিকৃত গামোচাৰ বিৰুদ্ধে কালি অভিযান চলে। অৱশ্যে তাৰ দিন চেৰেক পূৰ্বেই চহৰখনত ওদালগুৰি আছুৱে একে ধৰণৰ অভিযান চলাইছিল।

আছুৰ পদক্ষেপৰ পিছতহে ওদালগুৰি জিলা প্ৰশাসন সাৰ পোৱা বুলিও অভিযোগ উঠিছে।

সূত্ৰটোৱে জনোৱা মতে, জিলা প্ৰশাসনৰ বিষয়াসকলে নগৰখনৰ বহু কেইখন বিপণিৰ পৰা ভালে সংখ্যক আমদানিকৃত গামোচা জব্দ কৰাৰ লগতে ব্যৱসায়ীসকলক এনে গামোচা বিক্ৰী নকৰিবলৈ সকীয়াই দিয়ে। তাৰ পৰিৱৰ্তে প্ৰশাসনৰ লোকসকলে থলুৱা শিপিনীয়ে বোৱা গামোচা বিক্ৰী কৰিবলৈ ব্যৱসায়ীসকলক পৰামৰ্শ দিয়ে।

অভিযানটোৰ পিছত ওদালগুৰি জিলা প্ৰশাসনে এটা প্ৰেছ বিজ্ঞপ্তিৰ যোগে অভিযানটোৰ কথা অৱগত কৰিছে। বিজ্ঞপ্তিটোত কুটীৰ শিল্পক উৎসাহিত কৰাৰ বাবে থলুৱাভাৱে উৎপাদিত গামোচা বিক্ৰী কৰা দৰকাৰ বুলি ব্যৱসায়ীসকলক জনায়।

অভিযানকাৰী দলটোক নেতৃত্ব দিছিল জিলাখনৰ অতিৰিক্ত উপায়ুক্ত লক্ষ্যজ্যোতি দুৱৰীয়া, ৰেচম বিভাগৰ সম্প্ৰসাৰণ বিষয়া ভানুলতা মুছাহাৰী, হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ পৰিদৰ্শক মুনীন্দ্ৰ চন্দ্ৰ লহকৰে।