ওদালগুৰিত দলঙৰ আধাৰশিলা স্থাপন হাগ্ৰামা মহিলাৰীৰ

হাগ্ৰামা মহিলাৰী

আজি ওদালগুৰি জিলাৰ বদলাপাৰা-ৰাজাগড় গড়কাপ্টানী পথৰ শুক্লাই কালানদী নৈৰ ওপৰত ২৫০ মি. দৈৰ্ঘ্যৰ এখন পকী দলঙৰ আধাৰশিলা কৰে বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে।

‘বিটিচি অঞ্চলৰ উন্নয়নৰ বাবে বিপিএফ দল প্ৰতিশ্ৰুতিবদ্ধ। পথ যোগাযোগ আৰু অন্যান্য গুৰুত্বপূৰ্ণ দিশত আমি সম্পূৰ্ণ পৰিৱৰ্তন আনিব খোজো।’ আধাৰশিলা স্থাপনৰ সময়ত উপস্থিত ৰাইজক সম্বুধি আজি এইদৰে মন্তব্য আগবঢ়াই বিটিচিৰ মুৰব্বীগৰাকীয়ে।

জনসাধাৰণক দ্ৰুত উন্নয়নৰ অংশীদাৰ হ’বৰ বাবে আহ্বান জনাই আৰু বিটিচিৰ উন্নয়নৰ বাবে প্ৰস্তাৱিত এক হাজাৰ কোটি টকাৰ পেকেজৰ বাবে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি মহিলাৰীয়ে লগতে কয় যে, ‘আমাৰ অৰ্থনীতিৰ জীৱনৰেখাস্বৰূপ পথ আৰু দলং সমূহৰ উন্নয়নৰ জৰিয়তে জনসাধাৰণৰ উন্নতি সধাৰ আৰু অৰ্থনৈতিক সমৃদ্ধিৰ বিকাশৰ বাবে বিপিএফ দলে সৰ্বতোপ্ৰকাৰৰ প্ৰচেষ্টা চলাব।’

অনুষ্ঠানটোত ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, পেনেৰীৰ বিধায়িকা কমলী বসুমতাৰী, কলাইগাঁৱৰ বিধায়ক মহেশ্বৰ বড়ো আৰু ননৈ চেৰফাঙৰ বিটিচি সদস্য সুৰেশ তাঁতী আৰু ননৈ চেৰফাঙ খণ্ডৰ বিপিএফ সভাপতি ৰঞ্জিত ডেকাৰ লগতে বিভিন্ন দলীয় কৰ্মীও উপস্থিত আছিল।