NORTHEAST NOW (Assamese)

ওদালগুৰিৰ যোৰাপুখুৰীত গাভিনী হাতীৰ মৃত্যু

November 27, 2017 12:08 pm · এন ই নাও নিউজ ব্যুৰো, ওদালগুৰি :

শেহতীয়া কেইটামান দিনত বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনা ইটোৰ পিছত সিটোকৈ একেৰাহে ঘটি থকাৰ খবৰ পোৱা গৈছে, যিটোৰ অন্যতম কাৰণ হিচাপে হাতী-মানুহৰ সংঘাতলৈ আঙুলিয়াব পাৰি। কালি আকৌ ওদালগুৰি জিলাৰ ভূটান সীমান্তৱৰ্তী যোৰাপুখুৰীত একে ধৰণে এজনী গাভিনী হাতীয়ে মৃত্যুক সাৱটি লোৱাৰ খবৰ পোৱা গৈছে। সন্দেহ কৰা মতে খাদ্যত হোৱা বিষক্ৰিয়াৰ বাবে হাতীজনীৰ মৃত্যু হৈছে। বন বিভাগৰ সূত্ৰই এই কথা কয়। এইটো ঘটনাকে ধৰি একেটা অঞ্চলত চলিত মাহত তিনিটাকৈ হাতীৰ মৃত্যু হয়। ইয়াৰ বাবে  প্ৰকৃতিপ্ৰেমী আৰু স্থানীয় ৰাইজে বন বিভাগৰ অকৰ্মণ্যতাক দোষাৰোপ কৰিছে।

Related News