ওৱাকাথন, কাবাডী, ইউনিক ইউ আদি কাৰ্যসূচীৰে ব্যতিক্ৰম মাচডোৰ বৰ্ণময় নাৰী দিৱস উদযাপন

WhatsApp Image 2018-03-08 at 2.17.13 PM

বিগত কেইবাবছৰৰ দৰে এইবাৰো বৰ্ণময় অনুষ্ঠানৰ মাজেৰে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰে চহৰৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক সংস্থা ব্যতিক্ৰম মাচডোই।

নাৰী দিৱসৰ ৰাতিপুৱা ব্যতিক্ৰমৰ উদ্যোগত মহিলাসকলৰ ওৱাকাথনত যোগদান কৰে প্ৰায় ডেৰশগৰাকী মহিলাই। ই আছিল ন’ হৰ্ণ প্লিজ’ কৰ্মসূচীৰো এক আকৰ্ষণীয় অংগ। ৰাতিপুৱা সাত বজাত দীঘলিপুখুৰী পাৰৰ পৰা আৰম্ভ হোৱা ওৱাকাথন চাৰ্কিট হাউচ হৈ পুনৰ লক্ষ্মীধৰ বৰা ক্ষেত্ৰত সমাপ্ত হয়। ইয়াতেই অনুষ্ঠিত হয় মহিলাসকলৰ মাজত কাবাডী। আন বছৰৰ দৰে এইবাৰো বহুকেইটা দলে কাবাডীত অংশগ্ৰহণ কৰে।

আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰধান আকৰ্ষণ আছিল উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত অনুষ্ঠিত ‘ইউনিক ইউ’ কাৰ্যসূচী। বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শীতা অৰ্জন কৰা মহিলাসকলক সন্মান প্ৰদান কৰে ব্যতিক্ৰমে।

লাইফটাইম এচিভমেন্ট এৱাৰ্ড লাভ কৰে সাহিত্যিক নীলিমা বৰাই। সাহিত্যত দেবলীনা সেনগুপ্ত, সংগীতত ৰিংকুমণি কলিতা, বহুমুখী ব্যক্তিত্ব আভা দিহিঙ্গীয়া, সমাজসেৱাত ৰেহেনা চুলতানা, মডেলিঙত যশপ্ৰীত কৌৰ, ফেশ্বন ডিজাইনিঙত প্লাবিতা গগৈ, নৃত্যত মন্দিৰা ভট্টাচাৰ্য, এন্টেপ্ৰেনিয়াৰ শৰ্মিষ্ঠা দেব, শিক্ষকতাত শিল্পী চক্ৰবৰ্তী, ফেশ্বনত সুনীতা দেব, ব্যতিক্ৰমী ব্যক্তিত্ব কাশ্মীৰি হজ কাকতী আৰু পাৰমিতা দেক আন্তৰ্জাতিক নাৰী দিৱসত সন্মানিত কৰা হয়।

ভাষণ প্ৰসঙ্গত ব্যতিক্ৰম মাচডোৰ সভাপতি ড. সৌমেন ভাৰতীয়াদেৱে কয়, ‘আজি আন্তৰ্জাতিক নাৰী দিৱস। একৈশ শতিকাত আমি দেখিছো সকলো ক্ষেত্ৰত নাৰীৰ উত্তৰণ। তাকেই শ্ৰদ্ধা জনাই বিগত কেইবাবছৰো আমি উদযাপন কৰি আহিছো নাৰী দিৱস। সমাজ গঠনত নাৰীয়েই প্ৰধান, নাৰী দিৱস উপলক্ষে সেইকথা আমি পুনৰ এবাৰ স্মৰণ কৰিব বিচাৰো।’

নাৰী দিৱসৰ সন্ধিয়াৰ অনুষ্ঠানটি বিবেকানন্দ কেন্দ্ৰত বিয়লি ৫.৩০ বজাৰ পৰা আৰম্ভ হয়। ইয়াতে সন্মান প্ৰদান কাৰ্যসূচীৰ লগতে আছিল সাংস্কৃতিক অনুষ্ঠান। অনুষ্ঠানত চেতাৰ পৰিবেশন কৰে দেবীদত্তা দে’ই আৰু নৃত্য পৰিবেশন কৰে নিবেদিতা তৰফদাৰে। সংগীত পৰিবেশন কৰে সুদেষ্ণা সেন, প্ৰিয়ংকা, পিয়ালি দে, পাৰমিতা দে আৰু অভিজিত বৰুৱাই। ইয়াৰ লগতে পৰিবেশিত হয় চিৰপৰিচিত নৃত্যগীত ধামাইল। ইয়াত কেবল মহিলাসকলে অংশগ্ৰহণ কৰে।

মহিলা দিৱসৰ অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে পদ্মশ্ৰী জয়শ্ৰী গোস্বামী মহন্ত, ড. নিৰ্মলকান্তি ভট্টাচাৰ্য, কবি সঞ্জয় চক্ৰবৰ্তী, কবি-সম্পাদক ড. তিমিৰ দে, অধ্যাপক সুদেষ্ণা ভট্টাচাৰ্য আৰু গায়িকা কবিতা নাথৰ লগতে নৃত্যশিল্পী তটিনী দে, গায়িকা অনামিকা চৌধুৰী, সমাজকৰ্মী জ্যোতিৰ্ময় পুৰকায়স্থ, কবি মীৰা ঠাকুৰ প্ৰমূখ্যে অন্যান্য বহু ব্যক্তি।