কঁয়াকুছিত তৃতীয় গ্ৰন্থমেলাৰ আয়েজন

বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাণকেন্দ্ৰ কঁয়াকুছিত তৃতীয় সংখ্যক গ্ৰন্থ আৰু বাণিজ্য মেলা ২০১৭ৰ আয়োজন কৰা হৈছে।কঁয়াকুছি শংকৰ-আজান সমন্বয় ক্ষেত্ৰত সাতদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে এই উৎসৱৰ আযোজন কৰা হ’ব বুলি পৰিচালনা কমিটিয়ে জানিবলৈ দিছে। আয়োজক সমিতিয়ে এই গ্ৰন্থ আৰু বাণিজ্যমেলাৰ বাজেট ২০ লাখ টকাৰ হ’ব বুলি জানিবলৈ দিছে। মেলাখনত অসমৰ ৬০ খন কৈ আগশাৰীৰ বিপণিক আমন্ত্ৰণ জনোৱা হৈছে। আয়োজক সমিতিয়ে জনোৱা মতে কঁয়াকুছি অঞ্চলৰ ৰাইজ, ছাত্ৰ-ছাত্ৰী তথা নৱপ্ৰজন্মৰ শাৰীৰিক, মানসিক তথা বৌদ্ধিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰন্থ সংস্কৃতি গঢ় দিয়াৰ উদ্দেশ্যে বিগত দুটা বছৰৰ দৰেও এইবছৰো এই উৎসৱটো আয়েজন কৰা হৈছে। গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি এইবাৰৰ কাৰ্যসূচীত অসমৰ সাংস্কৃতিক, শৈক্ষিক, বৌদ্ধিক, সংবাদজগতকে আদি কৰি বিভিন্ন ক্ষেত্ৰৰ লোকসকলক আমন্ত্ৰণ কৰা হৈছে।প্ৰথমদিনাৰ কাৰ্যসূচী শোভাযাত্ৰাৰে আৰম্ভণি কৰিব জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই। গ্ৰন্থ আৰু বাণিজ্যমেলাৰ উদ্বোধন কৰিব বিশিষ্ট সাংবাদিক অতনু ভূঞাই। গ্ৰন্থমেলা তথা বাণিজ্যমেলা চলি থকা দিনকেইটাত সমসাময়িক সমস্যা ৰাজিৰ বিষয়ত আলোকপাত তথা প্ৰভাৱিত কৰিব পৰাকৈ সজাগতা অনুষ্ঠান, বন বিভাগৰ গছপুলি বিতৰণ, আলেচনা চক্ৰ, স্মতিগ্ৰন্থ উন্মোচন কৰাৰ লগতে কঁয়াকুছি বঁটা ২০১৭ প্ৰদান কৰা হ’ব। ফকৰ উদ্দিন আলী আহমেদ মেডিকেল কলেজত অকালতে মৃত্যু বৰণ কৰা সোণালী সৰকাৰৰ নামতো ‘সোণালী সৰকাৰ সোৱৰণী বঁটা’ আগ বঢ়োৱা হ’ব। ভেশছন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, কবি সন্মিলন, আকস্মিক বক্তৃতা, মাৰাথন দৌৰ প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, অসমীয়া গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা, ৰচনা লিখা প্ৰতিযোগিতা, চিত্ৰাংকণ প্ৰতিযোগিতা আদিকে ধৰি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হব। সাংস্কৃতি সন্ধিয়াত বাবুৱে সংগীত পৰিবেশন কৰিব। আযোজক কমিটিয়ে ৰাইজৰ সহায়-সহযোগিতাৰ কামান কৰিছে।