কনিষ্ঠ চিকিৎসকৰ প্ৰতিবাদত স্তব্ধ হ’ল শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়

Silchar_medical

শিলচৰ মেডিকেল কলেজ এণ্ড হস্পিটেলৰ প্ৰতিবাদৰত কনিষ্ঠ চিকিৎসকসকল।

কনিষ্ঠ চিকিৎসকৰ প্ৰতিবাদে আজি হঠাতে স্তব্ধ কৰি তোলে শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়। চিকিৎসকসকলৰ এই প্ৰতিবাদৰ ফলত অচলাৱস্থাৰ সৃষ্টি হয় আৰু সকলো চিকিৎসাসেৱা বন্ধ হৈ পৰে।

১০০০খন বিছনাযুক্ত চিকিৎসালয়খনৰ বহিঃৰোগী বিভাগৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰা কনিষ্ঠ চিকিৎসকসকলে তেওঁলোকৰ বাবে নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী তুলিছে চিকিৎসালয় কৰ্তৃপক্ষৰ ওচৰত।

উল্লেখযোগ্য যে সোমবাৰে এজন ৰোগীৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি চিকিৎসালয়খনত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। মৃতকৰ উত্তেজিত আত্মীয়ই চিকিৎসালয়খনৰ হৃদৰোগ বিভাগৰ আই চি য়ু লণ্ডভণ্ড কৰাৰ লগতে জ্যেষ্ঠ হৃদৰোগ বিশেষজ্ঞ ডাঃ আহমেদ চৌধুৰীক মাৰধৰ কৰে। কনিষ্ঠ চিকিৎসকসকলো মাৰধৰৰ পৰা সাৰি যোৱা নাছিল।

জানিব পৰামতে, ২৩ জুলাইত শিলচৰৰ মধুৰবন্দৰ ফাজু মিঞা লস্কৰ নামৰ এগৰাকী ৬০ বছৰীয়া ব্যক্তিয়ে চিকিৎসালয়খনত পেচমেকাৰ সলনি কৰিবলৈ আহিছিল। কিন্তু তেওঁ পেচমেকাৰ সলনি প্ৰক্ৰিয়া চলি থকাৰ সময়তে কালি ৫-৪৫ বজাত মৃত্যু হয়।

ফাজু মিঞাৰ পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি চিকিৎসা মহাবিদ্যালয়খনে প্ৰতিপন্ন কৰিব বিচাৰিছিল যে হৃদৰোগ বিভাগৰ আইচিইউত বিদ্যুৎ যোগান ব্যাহত হোৱাৰ ফলত স্ক্ৰীনত ৰোগীসকলৰ স্বাস্থ্যৰ অৱস্থা নিৰীক্ষণ কৰিব পৰা নাছিল আৰু ইয়াৰ ফলত ফাজু মিঞা লস্কৰৰ মৃত্যু হয়।

ইয়াৰ পিছতে ফাজু মিঞাৰ আত্মীয়সকলে উক্ত হিংসাত্মক কাৰ্য্যত লিপ্ত হয়। এই পৰিস্থিতিৰ মুখামুখি হোৱাৰ পিছত কনিষ্ঠ চিকিৎসকসকল ক্ষুভিত হৈ পৰে। তেওঁলোকে তেওঁলোকৰ নিৰাপত্তাৰ দাবী তোলে।

“আমি ইয়াত প্ৰত্যেকৰ বাবে সম্পূৰ্ণ নিৰাপত্তা বিচাৰোঁ। কাৰণ ৰোগীক চিকিৎসা কৰিবলৈহে আছোঁ, তেওঁলোকৰ পৰা পিটন খাবলৈ নহয়।’’ টিংকু বৰা নামৰ এজন কনিষ্ঠ চিকিৎসকে কয়।

তেওঁ লগতে কয়, ‘‘ আমি ঈশ্বৰ বা দানৱ নহয়, কিন্তু এগৰাকী ৰোগীক সোনকালে সুস্থ কৰি তুলিবলৈ চেষ্টা কৰোঁ, কাৰণ আমিও মানুহ।”

আনহাতে নাম প্ৰকাশত অনিচ্ছুক আন এগৰাকী চিকিৎসকে অভিযোগ কৰিছে যে কালি আবেলিয়েই এই বিষয়টো সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষক জনোৱা হৈছিল যদিও ঘটনাটো সন্দৰ্ভত এখন এজাহাৰো দাখিল কৰা হোৱা নাই।

প্ৰতিবাদী কাৰ্য্যসূচী পালনৰ সময়ত কনিষ্ঠ চিকিৎসকলকে চিকিৎসালয়খনৰ অধ্যক্ষ আৰু মুখ্য তত্ত্বাৱধায়ক শিল্পীৰাণী বৰ্মনৰ হাতত এখন স্মাৰকপত্ৰৰ প্ৰদান কৰিছে। বাতৰি লিখাৰ পৰলৈকে অধ্যক্ষ তথা মুখ্য তত্ত্বাৱধায়কগৰাকীয়ে এই সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত এখন উচ্চ স্তৰীয় সভাৰ আহ্বান কৰিছে।

উল্লেখযোগ্য যে অসমৰ চিকিৎসা মহাবিদ্যালয়বোৰত কনিষ্ঠ চিকিৎসকসকলে বিভিন্ন অসুবিধাৰ মাজেৰে সেৱা আগ বঢ়াই আহিছে। এওঁলোকক নিম্নতম সা-সুবিধা, সুৰক্ষা, শ্ৰমিক অধিকাৰ যথোচিতভাৱে দিয়া হোৱা নাই। দৰমহাও অন্য ৰাজ্যৰ তুলনাত বহুখিনি কম, অথচ কৰ্মঘণ্টা বহু বেছি।