কমনৱেলথৰ সফলতাৰ স্বীকৃতিঃ মীৰাবাই চানুক ৰেলৱেৰ বিষয়া পৰ্যায়লৈ পদোন্নতি

Meerabai

কেন্দ্ৰীয় ৰেল মন্ত্ৰী পীযুষ গোৱেলৰ পৰা সম্বর্ধনা গ্রহণৰ মুহূর্তত মীৰাবাই চানু

সদ্যসমাপ্ত কমনৱেলথ গেমছত অভূতপূৰ্ব প্ৰদৰ্শন আগবঢ়াই ভাৰতৰ হৈ প্ৰথমটো সোণৰ পদক কঢ়িয়াই আনিবলৈ সক্ষম হোৱা মণিপুৰৰ তাৰকা ভাৰত্তোলক মীৰাবাই চানুক বিষয়া পৰ্যায়লৈ পদোন্নতি দিছে ভাৰতীয় ৰেল বিভাগে।

উল্লেখযোগ্য যোৱা ২৫ এপ্ৰিলত মণিপুৰৰ এইগৰাকী তাৰকা খেলুৱৈক ভাৰতীয় ৰেল বিভাগে সম্বৰ্ধনা জ্ঞাপন কৰিছিল।য’ত উপস্থিত থাকি কেন্দ্ৰীয় ৰেল মন্ত্ৰী পীযুষ গোৱেলে পদ্মশ্ৰী মীৰাবাই চানুক উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিষয়া পদলৈ তৎকালীনভাৱে বলৱৎ হোৱাকৈ পদোন্নতি দিয়াৰ কথা ঘোষণা কৰিছিল।

কেন্দ্ৰীয় ৰেল মন্ত্ৰী গৰাকীয়ে লগতে যিসকল খেলুৱৈৱে দেশৰ হৈ উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছে (কেৱল মেডেল জিনা সকলে নহয়) তেওঁলোকৰ বাবে এখন নতুন পদোন্নতি আঁচনিৰ খচৰা প্ৰস্তুতৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে মীৰাবাই চানুক ক্ৰীড়াৰ অ’এছডি পদলৈ পদোন্নতি দিয়া হৈছে। ইয়াৰ পূৰ্বে চানুৱে চীফ টিকট ইন্সপেক্টৰ হিচাপে উত্তৰ পূব সীমান্ত ৰেলৱেত কৰ্মৰত হৈ আছিল।

আনহাতে মীৰাবাই চানুৰ পদোন্নতিৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰি কেন্দ্ৰীয় ৰেলমন্ত্ৰী গৰাকীয়ে এক টুইটযোগে কয়— ‘কমনৱেলথ গেমছত আগবঢ়োৱা অনবদ্য প্ৰদৰ্শনৰ স্বীকৃতিস্বৰূপে মীৰাবাই চানুক ৰেল বিভাগৰ বিষয়া পৰ্যায়লৈ পদোন্নতি দিয়াৰ কথা ঘোষণা কৰি সুখ অনুভৱ কৰিছো।‘