পাঁচবাৰৰ বিশ্ব চেম্পিয়ন এম চি মেৰীকমে (৪৮ কি:গ্ৰা শাখা) কমনৱেলথ গেমছত পদক প্ৰাপ্তি নিশ্চিত কৰি দেওবাৰে ছেমিফাইনেললৈ অগ্ৰসৰ হৈছে। আনহাতে, পুৰুষৰ কোৱাৰ্টাৰ ফাইনেলত (৭৫ কি:গ্ৰা: শাখা) প্ৰৱেশ কৰিছে বিকাশ কৃষ্ণনে।
৩৫ বছৰীয়া মেৰীকমে শেষৰ চাৰিটা স্থানত স্থান লাভ কৰাৰ পথত স্কটলেণ্ডৰ মেগান গৰ্ডনক আটাইকেইটা ৰাউণ্ডতে পৰাস্ত কৰে।
তেওঁৰ এই বিজয়ে এইবাৰৰ কমনৱেলথ গেমছত ভাৰতীয় বক্সিঙৰ প্ৰথমটো পদক নিশ্চিত কৰিলে।
বৰ্তমান ৰাজ্যসভাৰ এগৰাকী সাংসদ মেৰীকমে অহা ১১ এপ্ৰিলত হ’বলগীয়া ছেমিফাইনেলত শ্ৰীলংকাৰ অনুশা ডিলৰুক্সিৰ মুখামুখি হ’ব।
‘’এইটো মোৰ বাবে প্ৰথমটো কমনৱেলথ গেমছৰ পদক হ’ব আৰু তাকেলৈ সুখী যদিও মই স্বৰ্ণৰ বাবেহে যুঁজিছো,’’-বিজয়ৰ পিছত মেৰীকমে এইদৰে কয়।
‘মই ১৬ বছৰ ধৰি যুঁজি আহিছো। মই মেগানক জানো আৰু তেওঁ ভাল খেলিব পাৰিব। মই তেওঁক চেষ্টা চলাই যাবলৈ পৰামৰ্শ দিছোঁ। যুৱ খেলুৱৈসকলৰ প্ৰদৰ্শন আৰু প্ৰস্তুতিৰ প্ৰয়োজন,’’-মেৰীকমে লগতে কয়।
তেওঁ স্বৰ্ণ লাভৰ ক্ষেত্ৰত অতি ফেভাৰিট আৰু এইটো যোৱা পাঁচ মাহৰ ভিতৰত তেওঁৰ তৃতীয়টো স্বৰ্ণ বিজয় হ’ব পাৰে।
তেওঁ ইয়াৰ আগেয়ে এছিয়ান চেম্পিয়নশ্বিপ আৰু ইণ্ডিয়া অ’পেনত স্বৰ্ণ পদক লাভ কৰিছে। বুলগেৰিয়াৰ ষ্ট্ৰেণ্ডজা মেম’ৰিয়েল প্ৰতিযোগিতাখনত অৱশ্যে মেৰীকমে ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়।
আনহাতে, কমনৱেলথ গেমছৰ আন এখন কোৱাৰ্টাৰ ফাইনেলত আজি সন্ধিয়া অসমৰ লাভলিনা বৰগোঁহাই অৱতীৰ্ণ হ’ব।