• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আফগানিস্তানত প্ৰবল ভূমিকম্প, কমেও ২৫০জনৰ মৃত্যু; দিল্লী আৰু উত্তৰ ভাৰততো অনুভূত কম্পন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 1, 2025 9:36 am
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে মাজ নিশা দক্ষিণ-পূব আফগানিস্তানত সংঘটিত হয় এক শক্তিশালী ভূমিকম্প। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.০, যাৰ ফলত আফগানিস্তানৰ লগতে পাকিস্তান আৰু ভাৰতৰ কেইবাটাও স্থানতো আতংক বিয়পি পৰিছে।

নিশা ১২:৪৭ বজাত হঠাৎ জোকাৰণি অনুভূত হয়। বহুতে সাৰ পাই আতংকিত হৈ ঘৰৰ পৰা ৰাস্তালৈ দৌৰি ওলাই আহে। ৰাজধানী দিল্লীকে ধৰি উত্তৰ আৰু পশ্চিম ভাৰতৰ বিভিন্ন প্ৰান্ততো অনুভূত হয় এই ভূমিকম্প।

Apply Now

আফগানিস্তানৰ জালালাবাদৰ পৰা প্ৰায় ২৭ কিলোমিটাৰ উত্তৰ-পূবত এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল আৰু ইয়াৰ গভীৰতা আছিল প্ৰায় ৮ কিলোমিটাৰ।

বিশেষজ্ঞসকলে কয় যে ভূগৰ্ভৰ ওচৰত এনেধৰণৰ ভূমিকম্প বহুত বেছি বিপজ্জনক কাৰণ ইয়াৰ প্ৰভাৱ দ্ৰুতগতিত ভূপৃষ্ঠত উপনীত হয় আৰু ঘৰ-দুৱাৰ ভাঙি যোৱাৰ সম্ভাৱনা বাঢ়ি যায়। আফগানিস্তানত ২৫০ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। কমেও ৫০০ জন আহত হৈছে। আৰু অধিক মৃত্যুৰ আশংকা কৰা হৈছে।

আফগানিস্তানত প্ৰায়ে ভূমিকম্পৰ সৃষ্টি হয়। ইয়াৰ মূল কাৰণ ভাৰতীয় আৰু ইউৰেছিয়ান টেকটনিক প্লেটৰ সংযোগস্থলত দেশখন অৱস্থিত। এই অঞ্চলৰ পৃষ্ঠভাগ অতি সক্ৰিয় আৰু প্ৰায়ে প্লেটৰ সংঘৰ্ষৰ ফলত ভূমিকম্পৰ সৃষ্টি হয়। মাত্ৰ এমাহ পূৰ্বে ৫.৫ আৰু ৪.২ প্ৰাবল্যৰ দুটা ভূমিকম্পই দেশখনক জোকাৰি গৈছিল।

ভূমিকম্পৰ মূল কাৰণ হৈছে পৃথিৱীৰ ভিতৰত টেকটনিক প্লেটৰ গতি। এই বিশাল প্লেটবোৰ সদায় লাহে লাহে গতি কৰে আৰু শেষত ইটোৱে সিটোৰ লগত সংঘৰ্ষ হয়। ফলত ভিতৰত প্ৰচণ্ড চাপ জমা হয়। চাপ শিখৰত উপনীত হ’লে ফাট মেলে আৰু তাৰ পৰা শক্তিৰ বিস্ফোৰণ ঘটে, যিটোৱে ভূমিকম্পৰ ৰূপ লয়।

Afghanistan's Kunar, Nangarhar, and Noristan provinces has been struck by a devastating earthquake, with families left despairing as homes were leveled and lives devastated. Entire villages, many of them, have been flattened, and thousands of children, women, and elderly… pic.twitter.com/ZYGt0BWHl4

— Zarifa Ghafari 🇦🇫 (@Zarifa_Ghafari) September 1, 2025

বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে ঘন জনবসতিপূৰ্ণ উপত্যকা, দুৰ্বল নিৰ্মাণশৈলী আৰু ভূমিকম্পৰ বাবে অপৰ্যাপ্ত প্ৰস্তুতি – এই সকলোবোৰেই বৃহৎ ক্ষতি আৰু দুৰ্যোগৰ সম্ভাৱনাৰ সৃষ্টি কৰে। ইয়াৰ উপৰিও জলবায়ু পৰিৱৰ্তনে মাটিৰ স্থিৰতা আৰু বতৰৰ ধৰণতো প্ৰভাৱ পেলাইছে, যাৰ ফলত পৃথিৱীৰ ভেটিৰ সুক্ষ্ম ভাৰসাম্যৰ ওপৰত নতুন চাপ পৰিছে আৰু বিপদ বৃদ্ধি পাইছে।

সেয়েহে বিজ্ঞানীসকলে কয় যে পৰ্যবেক্ষণ বৃদ্ধি কৰা, ভূমিকম্পৰ নিৰীক্ষণ শক্তিশালী কৰা, দুৰ্যোগৰ প্ৰস্তুতিৰ ক্ষেত্ৰত সক্ৰিয় হোৱাটো পূৰ্বতকৈ অধিক গুৰুত্বপূৰ্ণ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd