NORTHEAST NOW (Assamese)

কমনৱেল্‌থ গেইমছৰ দুই বীৰাংগনা মীৰাবাই চানু আৰু সঞ্জিতা চানুক গৃহৰাজ্যত বিপুল আদৰণি

April 26, 2018 11:17 pm · সভাপতি চামম

অষ্ট্ৰেলিয়াৰ গ’ল্ড কষ্টত সদ্য সমাপ্ত ২১ সংখ্যক কমনৱেল্‌থ গেইমছত চমকপ্ৰদ সফলতা দাঙি ধৰা মণিপুৰৰ দুগৰাকী মহিলা ভাৰোত্তলক ক্ৰমে মীৰাবাই চানু আৰু সঞ্জিতা চানুক আজি গৃহ ৰাজ্যলৈ ঘূৰি অহাৰ পিছত সমৰ্থক, ক্ৰীড়াপ্ৰেমী, ক্ৰীড়া সংগঠক, বিভিন্ন ক্ৰীড়া সংঘ, ছাই, ৰাজ্যিক যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগ, উদীয়মান খেলুৱৈ আদিয়ে উষ্ম আদৰণি জনায়।

ফুলৰ থোপা, মালা আৰু জয়ধ্বনিৰে বীৰাংগনা খেলুৱৈ দুগৰাকীক ব্যতিক্ৰম ধৰণে সম্বৰ্ধনা জনোৱা হয়। তেওঁলোক দুগৰাকীক তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ সৈতে দুখন সুসজ্জিত গাড়ীত ইম্ফলস্থিত খুমান লেম্পাক স্প’ৰ্টছ কমপ্লেক্সলৈ লৈ যোৱা হয় আৰু তাত এটা চমু সম্বৰ্ধনা অনুষ্ঠানৰ মাজেৰে দুয়োকে সন্মান জনোৱা হয়।

উল্লেখযোগ্য যে বিশ্ব মানৰ প্ৰতিযোগিতাখনত মীৰাবাই চানু আৰু সঞ্জিতা চানুৱে ভাৰোত্তোলনত স্বৰ্ণ জয় কৰিছিল। স্বৰ্ণ জয়ৰ পথত মীৰাবায়ে ৪৮ কেজিৰ শাখাত মহিলাৰ ভাৰোত্তোলনৰ  কমনৱেল্‌থ গেইমছ ৰেকৰ্ড ভংগ কৰিছিল। তেওঁৰ পদকটোৱেই আছিল প্ৰতিযোগিতাখনত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক।

আনহাতে সঞ্জিতা চানুৱে ৫৩ কেজিৰ শাখাত স্বৰ্ণ জয় কৰিছিল। মন কৰিব লগীয়া কথাটো হ’ল মণিপুৰৰ মুঠ ৮ গৰাকী খেলুৱৈয়ে এই বিশ্বমানৰ প্ৰতিযোগিতাখনত অংশ লৈছিল। মণিপুৰৰ জ্যেষ্ঠ বক্সিং খেলুৱৈ মেৰী কমেও স্বৰ্ণ জয় কৰিছিল।

Related News