কমৰেড দূৰ্গে ডেকাৰ বিয়োগ : বামপন্থী শিবিৰত শোকৰ ছাঁ

cpim23

দীৰ্ঘদিন ধৰি বৃক্ক ৰোগত আক্ৰান্ত হৈ থকা বামপন্থী আন্দোলনৰ অন্যতম কাণ্ডাৰী, চিপিআই(এম)ৰ বিশিষ্ট নেতা তথা শিক্ষাবিদ কমৰেড দূৰ্গে ডেকাই আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে।

১৯৫৬ চনৰ ১ জানুৱাৰীত পাঠশালাৰ লেচেৰা গাঁৱত জন্ম গ্ৰহণ কৰা ডেকাই অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি চাকৰিৰ পিনে ধাৱমান নহৈ ১৯৭৪ চনৰ চি পি আই (এম)ৰ প্ৰাথমিক সদস্য পদ গ্ৰহণ কৰে।

ছাত্ৰ জীৱনৰ পৰাই ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যন চমুকৈ এচ এফ আই দলৰহৈ সেৱা আগবঢ়োৱা ডেকাই চি পি আই (এম)ৰ প্ৰাথমিক সদস্য পদ গ্ৰহণ কৰাৰ পিছত অবিভক্ত কামৰূপ জিলা চি পি আই (এম) দলৰ সদস্য পদ গ্ৰহণ কৰে।

পৰৱৰ্ত্তী সময়ত ১৯৮৮ চনৰ পৰা ২০১৩ চনলৈ চি পি আই (এম)ৰ বৰপেটা জিলা সমিতিৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰা ডেকাই ৰাজ্যিক সদস্য তথা ৰাজ্যিক সম্পাদক মণ্ডলীৰ সদস্য হিচাপে সেৱা আগবঢ়ায়।

সৰভোগস্থিত চি পি আই (এম)ৰ পাৰ্টী অফিচত বাস কৰা কমৰেড গৰাকীৰ মৃত্যুত বামপন্থী শিবিৰৰ লগতে বৃহত্তৰ সৰভোগ অঞ্চলত শোকৰ ছাঁ পৰে।

মৃত্যুৰ সময়ত ডেকাই পত্নী অনু চৌধুৰী ডেকা, একমাত্ৰ কন্যা প্ৰত্যাশী ডেকাৰ লগতে দলৰ নেতা-কৰ্মী সকলক ইহ সংসাৰত এৰি থৈ যায়।

আজি বিয়লিৰ ভাগত ডেকাৰ নশ্বৰদেহ সৰভোগত অনাৰ পিছত সন্ধিয়া কমৰেড গৰাকীক বিভিন্ন লোকে শেষ¸শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ পিছতে কমৰেড গৰাকীক সৰভোগৰ শ্মশানত শেষকৃত্য সম্পন্ন কৰে।

কমৰেড দূৰ্গে ডেকাৰ মৃত্যুত চি পি আই (এম)ৰ বৰপেটা জিলা সমিতিয়ে শোক প্ৰকাশ কৰাৰ লগতে এগৰাকী অন্যতম দলীয় কাণ্ডাৰীক হেৰুওৱা বুলি উল্লেখ কৰে।