NORTHEAST NOW (Assamese)

কলকাতাৰ পৰা গুৱাহাটীলৈ স্থানান্তৰ ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ

April 30, 2018 8:44 am · এন ই নাও নিউজ

আগন্তুক এছিয়ান গেইমছৰ বাবে যোগ্যতা নিৰ্ণায়ক তথা ৫৮ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ গুৱাহাটীত অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখন কলকাতাত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কোনো বিশেষ কাৰণত ভাৰতীয় এথলেটিকছ ফেডাৰেশ্যনে গুৱাহাটীলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

এতিয়া অসমৰ ৰাজধানী চহৰ গুৱাহাটীস্থিত সৰুসজাই ইণ্ডিৰা গান্ধী ক্ৰীড়া প্ৰকল্পত অহা ২৬ ৰ পৰা ২৯ জুনলৈ প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে প্ৰতিযোগিতাখন কলকাতাত ১৫ৰ পৰা ১৮ জুলাইলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এতিয়া প্ৰায় এমাহ পূৰ্বে অনুষ্ঠিত হ“ব ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখন।

উমল্লেখ্য যে গ’ল্ড ক’ষ্টত অনুষ্ঠিত কমনৱেল্থ গেইমছত খেলুৱৈৰ তালিকা প্ৰেৰণত বিলম্ব হোৱা বাবে অভাৱণীয় অৱস্থাৰ সৃষ্টি হোৱাৰ উপৰি তিনিটা ইভেণ্টত ভাৰতীয় এথলীটে গ’ল্ড ক’ষ্টত অংশগ্ৰহণৰ পৰা বঞ্চিত হয়।

মন কৰিবলগীয়া যে এছিয়ান গেইমছলৈ খেলুৱৈৰ তালিকা প্ৰেৰণৰ অন্তিম তাৰিখ ৩০ জুন ধাৰ্য কৰিছে আয়োজক সমিতিয়ে। সেই বাবেই নেশ্যনেল আন্তঃৰাজ্যিক প্ৰতিযোগিতাখন প্ৰায় এমাহ আগুৱাই দিয়া হৈছে। এই প্ৰতিযোগিতাখনেই হ’ব যোগ্যতা অৰ্জনৰ অন্তিম প্ৰতিযোগিতা।

উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ গ’ল্ড ক’ষ্টত অনুষ্ঠিত কমনৱেল্থ গেইমছত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা অসম কন্যা হিমা দাসেহিমা দাসেও এছিয়ান গেইমছলৈ যোগ্যতা অৰ্জনৰ বাবে এইখন প্ৰতিযোগিতাতে ট্ৰেকত নামিব। সেয়ে অসমৰ ক্ৰীড়া অনুৰাগীৰ বাবে প্ৰতিযোগিতাখন হ’ব বিশেষ আকৰ্ষণ।

Related News