কলিয়াবৰত একেদিনাই সংঘটিত দুটাকৈ আত্মহত্যাৰ ঘটনা

কলিয়াবৰত আজি একে দিনাই পৃথক স্থানত সংঘটিত দুটাকৈ আত্মহত্যাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইয়াৰে প্ৰথমটো ঘটনা সংঘটিত হয় কলিয়াবৰৰ জখলাবন্ধাত।
প্ৰাপ্ত তথ্য মতে আজি পুৱা প্ৰায় ৫ বজাত কলিয়াবৰৰ জখলাবন্ধা বজাৰস্থিত নিজৰগৃহৰ গা-ধোৱা ঘৰত ছাদাম কুৰেছী নামৰ এজন ২২ বছৰীয়া যুৱকে চিপ লৈ আত্মহত্যা কৰে।
আনহাতে আত্মহত্যাৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও স্থানীয় ৰাইজে প্ৰেমজনিত কাৰণত যুৱক জনে আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে।
আনহাতে দ্বিতীয়টো ঘটনা সংঘটিত হয় কলিয়াবৰৰ মিৰিভেটিত।  প্ৰাপ্ত তথ্য মতে মিৰিভেটিত ৰুণীমাই হাজৰিকা নামৰ এগৰাকী ৫০ বছৰীয়া মহিলাই নিজ বাসগৃহৰ গা-ধোৱা ঘৰতে চিপ লৈ আত্মহত্যা কৰে।
স্থানীয় একাংশ ৰাইজে মহিলা গৰাকীয়ে পাৰিবাৰিক সমস্যাত মানসিক হতাশগ্ৰস্ত হৈয়ে আত্মহত্যাৰ দৰে পথ বাচি লোৱা বুলি জানিবলৈ দিয়ে।
ইতিমধ্যে জখলাবন্ধা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুয়োটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।