NORTHEAST NOW (Assamese)

কলিয়াবৰত বনৰীয়া হাতীৰ সন্ত্ৰাস; ভাঙি চূৰমাৰ নতুনদাংগা প্ৰাথমিক বিদ্যালয়গৃহ, আচবাব

May 30, 2018 3:57 pm · ৰিদিপ শৰ্মা
হাতীয়ে ভঙা বিদ্যালয়খনৰ ছবি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাত অব্যাহত থকা সময়তে ২৯ মে’ৰ নিশা কলিয়াবৰ ( Kaliabor ) ৰাঙলুস্থিত নতুনদাঙ্গা প্ৰাথমিক বিদ্যালয় গৃহটো দুটাকৈ প্ৰকাণ্ড বনৰীয়া হাতীয়ে ভাঙি তহিলং কৰে।

খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা দাঁতিকাষৰীয়া অঞ্চললৈ প্ৰায়ে নিশা ওলাই আহে বহুতো বন্যহস্তীৰ দল। হাতী দুটাই বিদ্যালয় গৃহৰ পকী দেৱালো ভাঙি তহিলং কৰে।

বিদ্যালয়খনৰ আন সা- সম্পত্তিৰ লগতে টেবুল চকী, ডেস্ক-বেঞ্চ আদি ভাঙি বিদ্যালয়খনত অবৰ্ণনীয় পৰিৱেশ সৃষ্টি কৰে। স্থানীয় ৰাইজে নিশাই হাতীকেইটা খেদি বিদ্যালয়খনক অধিক ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰে।

Related News