কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত ৪ জন আৰু আহত ১৪ জন

কলিয়াবৰৰ জখলাবন্ধাৰ আমগুৰিত  ট্ৰেভেলাৰ আৰু ৰন্ধন গেছ পৰিবাহী ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এক ভয়ংকৰ দুৰ্ঘটনা হয়। এই ভয়ংকৰ দুৰ্ঘটনাটোত ৪ জন লোক নিহত হোৱাৰ লগতে ১৪ জন লোক আহত। নিহতসকল হৈছে ম: চোৰাত খাঁ ( বৰদলং, জখলাবন্ধা ), অসীম কুমাৰ দে ( মিছা, কলিয়াবৰ), ডঃ প্ৰকাশ বৰুৱা ( যোৰহাট ), দিলীপ দাস ( ট্ৰেভেলাৰ খনৰ চালক ) । আহতসকলৰ ক্ৰমে প্ৰাঞ্জল বৰা, সাগৰ হাজৰিকা, জয়ছোৱান চৌহান, সীমান্ত হাজৰিকাৰ লগতে আৰু বহু কেইজনক প্ৰথমে জখলাবন্ধা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে কেইবাজনকো নগাওঁ আৰু তেজপুৰলৈ প্ৰেৰণ কৰে।