কলিয়াবৰত মিছা আৰক্ষীৰ জব্দ ৫০ হাজাৰ টকা মূল্যৰ চেগুণ

প্ৰতিনিধিত্বমূলক ফটো

কলিয়াবৰৰ মিছাত আজি সন্ধিযা প্রায় ৭ বজাত মিছা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি চেগুণ ভৰ্তি ট্ৰাক জব্দ কৰিলৈ সক্ষম হয়।

মিছা আৰক্ষীয়ে জব্দ কৰা এ এছ ১২ ই ১৪৮০ নম্বৰৰ টাটা এচি গাড়ীখনৰ পৰা প্ৰায় ৫০ হাজাৰ মূল্যৰ চেগুণ কাঠৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আনহাতে আৰক্ষীৰ দলটোৱে টাটা এচি গাড়ী খনৰ লগতে চেগুন কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয় যদিও আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি গাড়ীখনৰ চালক আৰু হেণ্ডিমেন পলাই যাবলৈ সক্ষম হয়।

আৰক্ষীৰ দলটিয়ে চেগুণ ভৰ্তি টাটা এচি গাড়ীখন জব্দ কৰি শালনা বনবিভাগক অৱগত কৰে ফলত শালনাৰ বন বিভাগৰ এটি চাৰি জনীয়া দল মিছা আৰক্ষী থানাত উপস্থিত হৈ মিছা আৰক্ষীয়ে জব্দ কৰা চেগুণ ভৰ্তি টাটা এচি গাড়ী খন চমজি লয়।