কলিয়াবৰত ৰাষ্ট্ৰীয় পথত ভয়ংকৰ মুখামুখি সংঘৰ্ষ ট্ৰাক আৰু যাত্ৰীবাহী গাড়ীৰ, আহত ১১ গৰাকী

koliabor

কলিয়াবৰৰ চতিয়ালৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি ২২ জুলাইৰ দিনৰ প্ৰায় ১.৩০ মান বজাত তীব্ৰবেগী ট্ৰাক আৰু মহিন্দ্ৰ মেক্সিম গাড়ী এখনৰ মাজত হোৱা এক ভয়াৱহ মুখামুখি সংঘৰ্ষত মুঠ ১১গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে।

আহত লোকসকলক ততাতৈয়াকৈ জখলাবন্ধা হস্পিতালত ভৰ্ত্তি কৰোৱা হয় যদিও চিকিৎসকে সকলোকে উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজ হস্পিতাল আৰু তেজপুৰ মিছন হস্পিতাললৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে দুৰ্ঘটনাত পতিত মেক্সিম’ বাহনখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে ভাগি চূৰমাৰ হৈ যায়।

স্থানীয় ৰাইজে জনোৱা অনুসৰি AS12AC 5509 নম্বৰৰ মেক্সিম’ যাত্ৰীবাহী বাহনখন তেজপুৰৰ পৰা জখলাবন্ধা অভিমুখে আহি আছিল আৰু AS 01EC7189 নম্বৰৰ ট্ৰাকখন জখলাবন্ধাৰ পৰা কলিয়াবৰ অভিমুখে আহি আছিল।

তীব্ৰ গতিৰ ফলতে বাহন দুখনে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় বুলি আমাক জানিবলৈ দিছে।

দুৰ্ঘটনাটোত আহত লোকসকল ৰঞ্জিত ভৌমিক (তেজপুৰ), অঞ্জনা বেগম (দক্ষিণ হয়বৰ গাওঁ), ৰূপৰেখা বৰগোহাঁই (জখলাবন্ধা), অৰুণজ্যোতি দাস (মৰিগাওঁ), যাদৱ বৰদলৈ (মৰিগাওঁ), সুৰেক্ষিত ক’ৰ (গুৱাহাটী), ভবেন্দ্ৰ ক’ৰ (গুৱাহাটী), নেহা ৰেখা নেওগ (বৰুৱা চুক, কলিয়াবৰ), অতুল নাথ, (কহঁৰা, কাজিৰঙা), নুৰজাহান, অজৰো ক’ৰ (গুৱাহাটী)।