NORTHEAST NOW (Assamese)

কলিয়াবৰৰ চামধৰাত উদ্ধাৰ দুটাকৈ হাতীৰ মৃতদেহ : বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱাৰ সন্দেহ

November 29, 2017 12:44 pm · এন ই নাও নিউজ ব্যুৰো, কলিয়াবৰ :
Updated: November 29, 2017 1:05 pm
কলিয়াবৰৰ চামধৰাত বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু হোৱা এটা হাতী।

বিগত কেইবা দিনো ধৰি ক্ৰমাগতভাৱে বনৰীয়া হাতীৰ মৃত্যুৰ বাতৰিয়ে প্ৰকৃতিপ্ৰেমী তথা সচেতন লোকক উদ্বিগ্ন কৰি ৰখাৰ সময়তে আজি যোৱানিশা কলিয়াবৰৰ চামধৰাত আকৌ দুটাকৈ বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই সকলোকে স্তম্ভিত কৰিছে। জানিব পৰা মতে চামধৰা পথাৰৰ এটি পুখুৰীৰ পাৰত হাতী দুটাৰ মৃতদেহ উদ্ধাৰ হৈছে। ইতিপূৰ্বে বন বিভাগৰ লোক তাত উপস্থিত হৈছে আৰু হাতী দুটাৰ মৃত্যুৰ কাৰণ বৈদ্যুতিক  তাঁৰত লগা বুলি সন্দেহ কৰিছে। স্থানীয় লোকৰ অভিযোগমতে, অঞ্চলটোৰ নকুল শৰ্মা নামৰ ব্যক্তিজনে তেওঁৰ পুখুৰীৰ পাৰ খহাই সমস্যাৰ সৃষ্টি কৰা বাবে হাতীক সেকা দিয়াৰ বাবে পুখুৰীৰ পাৰত বিদ্যুৎ প্ৰবাহিত তাঁৰ পেলাই ৰাখিছিল। তাৰ ফলতেই নিশা প্ৰায় ১২ বজাত সংঘটিত হৈছিল এই কৰুণ ঘটনাটো। দুটাকৈ হাতীৰ মৃত্যুৱে সমগ্ৰ কলিয়াবৰ অঞ্চলটোত শোকৰ ছাঁ পেলোৱা পৰিলক্ষিত হৈছে।

Related News