কলিয়াবৰৰ জখলাবন্ধাৰ দেৱসত্ৰ গাঁৱত ৪বছৰে বিকল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীযোগান আঁচনি

IMG_20180322_172925

ধোঁৱাচাঙত পৰিণত হৈছে কলিয়াবৰৰ জখলাবন্ধাৰ দেৱসত্ৰ গাঁৱত স্থাপন কৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৫৫ লাখ টকীয়া পানীযোগান আঁচনি। একমাত্ৰ চৰকাৰী উদাসীনতাৰ বাবে বিশুদ্ধ খোৱাপানী যোগান আঁচনিখন আজি ৪ বছৰ দিন ধৰি বিকল হৈ পৰি থকা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে অভিযোগ অনুসৰি কলিয়াবৰৰ দেৱসত্ৰ গাঁৱৰ লগতে লাগি থকা জখলাবন্ধা হস্পিতাল, ঐতিহাসিক শ্ৰীশ্ৰীবাসুদেৱ থান, শ্ৰীশ্ৰীনৰসিংহ দেৱালয়, ঢেকিয়াল গাঁও, কতৰি গাঁও, বাণীপুৰ গাঁৱৰ ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লক্ষ্যৰে ৫৫ লাখটকীয়া আঁচনিৰে নিৰ্মাণ কৰা পানী যোগান প্ৰকল্পটো নিৰ্মাণ হোৱা দিন ধৰি বিকল হৈ আছে। যাৰ ফলত আজিকোপতি দাঁতিকাষৰীয়া গাঁৱৰ কেইবাশ লোকে  বিশুদ্ধ খোৱাপানীৰ পৰা বছৰ বছৰ ধৰি বঞ্চিত হৈ ৰৈছে।

আনহাতে উক্ত পানীযোগান প্ৰকল্পটোৰ পৰা কিছু নিলগত আছে জখলাবন্ধা হস্পিতাল। য’ত প্ৰতিটো মুহূৰ্ততে অতিকৈ প্ৰয়োজন হয় বিশুদ্ধ খোৱাপানীৰ। কিন্তু চৰকাৰৰ অৱহেলাৰ বাবে আজিও জৰ্জৰিত হৈ আছে সমগ্ৰ অঞ্চলতো । আনকি মামৰে ধৰিছে প্ৰকল্পটোৰ বৈদ্যুতিক যন্ত্ৰ-পাতিত।

তদুপৰি প্ৰকল্পটোৰ কাষত কিছু লোকে জাবৰ-জোঁথৰ পেলাই পৰিৱেশ বিনষ্ট কৰি পেলাইছে। অভিযোগ অনুসৰি ৰাইজে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিও কোনো ধৰণৰ সুফল লাভ নকৰিলে। কেৱল বিভাগীয় কৰ্তৃপক্ষই অতি সোনকালে উক্ত প্ৰকল্পটো কাৰ্যক্ষম কৰি তুলিব বুলি প্ৰতিশ্ৰুতি দি দায় সাৰে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। সেয়েহে ৰাইজে মাত্ৰ এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে প্ৰতিদিনে জীয়াতু ভুগিব লগা হৈছে।

এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে সমস্যাটোৰ গুৰুত্ব অনুধাৱন কৰি অতি সোনকালে সমাধানৰ ব্যৱস্থা ল’বলৈ ৰাইজে আহ্বান জনাইছে।