NORTHEAST NOW (Assamese)

কলিয়াবৰৰ জখলাবন্ধা-হাতীমুৰা সংযোগী পথৰ শোচনীয় অৱস্থাৰ বাবে ব্যাপক সমস্যাৰ সন্মুখীন স্থানীয় ৰাইজৰ

June 19, 2018 2:05 pm · ৰিদিপ শৰ্মা

কলিয়াবৰৰ জখলাবন্ধাৰ পৰা হাতীমুৰা মন্দিৰ সংযোগী পথৰ দুৰাৱস্থাই এতিয়া জীয়াতু ভোগাইছে অঞ্চলবাসী ৰাইজক। যান-বাহনৰ কথাটো বাদেই পথটোৰে চাইকেল তথা খোজকাঢ়ি যোৱাৰো পৰিবেশ নাই। কেবল বোকা, পথ নহয় যেন পথাৰ হে।

বছৰ বছৰ ধৰি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা অৱহেলিত হৈ আহিছে হাতীমুৰাৰ এই মুল পথটো। কিন্তু শেহতীয়াকৈ, এই পথটো মেৰামতিৰ কামত তৎপৰ হৈছে গড়কাপ্তানী বিভাগ। বাৰিষাৰ সময়ত পথটো মেৰামতি কৰাৰ বাবেই সম্প্ৰতি এই দুৰাৱস্থা হৈছে।

উল্লেখ্য যে, হাতীমুৰাতে আছে অহোমৰ ৰাজত্বকালত নিৰ্মিত ঐতিহাসিক দুৰ্গা মন্দিৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ভক্ত-দৰ্শনাৰ্থী আহে হাতীমুৰাৰ দুৰ্গা মন্দিৰলৈ। পৰিতাপৰ বিষয় যে, আহোমৰ দিনতে প্ৰতিষ্ঠা কৰা মন্দিৰটোলৈ যোৱা এই পথটো আজিলৈকে পকীকৰণ নহ’ল। নিৰ্বিকাৰ জনপ্ৰতিনিধি, গড়কাপ্তানী বিভাগ তথা চৰকাৰ।

লক্ষ্যণীয়ভাৱে কিছুদিন পুৰ্বে ৰাজ্য চৰকাৰৰ নৱ নিযুক্ত গড়কাপ্তানী মন্ত্ৰীৰ তৎপৰতাতে বিভাগটোৱে আৰম্ভ কৰিছে হাতীমুৰা পথটোৰ নিৰ্মাণকাৰ্য।

কিন্তু, এনে এটা গুৰুত্বপুৰ্ণ পথৰ মেৰামতিৰ কাম বাৰিষাৰ সময়ত কৰাৰ ফলত বহু অসুবিধাৰ সন্মূখীন হৈছে স্থানীয় ৰাইজৰ লগতে মন্দিৰলৈ অহা দূৰ-দূৰণিৰ যাত্ৰীসকল। পথৰ দুৰাৱস্থাৰ ফলত যান-বাহনৰ যাতায়ত সম্পূৰ্ণভাৱে বন্ধ হৈ পৰিছে হাতীমুৰাত। পথৰ দুৰাৱস্থা প্ৰত্যক্ষ কৰি মন্দিৰ দৰ্শন নকৰাকৈয়ে উভতি গৈছে বহু দৰ্শনাৰ্থী।

যাতায়তৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হোৱা অঞ্চলবাসীৰ এতিয়া এটাই প্ৰশ্ন, বাৰিষাৰ সময়চোৱাত কিয় পথটো নিৰ্মাণত হাত দিছে গড়কাপ্তানী বিভাগে?

Related News