কলিয়াবৰৰ জখলাবন্ধা দেৱসত্ৰ গাঁৱত বনৰীয়া হাতীৰ তাণ্ডৱ

kaliabar wild jumbo attack

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাত অব্যাহত থকা সময়তে মঙলবাৰে নিশা কলিয়াবৰৰ জখলাবন্ধাৰ দেৱসত্ৰ গাঁৱৰ বিপুল শৰ্মা নামৰ ব্যক্তিজনৰ ভঁৰাল গৃহটো এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে ভাঙি তহিলং কৰে।

হাতীটোৱে এনেদৰে শৰ্মাৰ ভঁৰাল ঘৰতো ভাঙি ধান খোৱাৰ লগতে ধানবোৰ চৌদিশে সিঁচৰতি কৰি এক অবৰ্ণনীয় পৰিবেশৰ সৃষ্টি কৰে।

স্থানীয় লোকে জনোৱা মতে খাদ্যৰ সন্ধানত শিলঘাট কামাখ্যা পাহাৰৰ পৰা দাঁতিকাষৰীয়া অঞ্চললৈ প্ৰায়ে নিশা বনৰীয়া হাতীৰ দল ওলাই আহে।

অৱশ্যে স্থানীয় ৰাইজে নিশাই হাতীটোক তাৰ পৰা খেদি উক্ত পৰিয়ালতোক অধিক বিপদৰ পৰা ৰক্ষা কৰে।

আনহাতে বনবিভাগৰ এটা দলে আজি পুৱা শৰ্মাৰ ঘৰত উপস্থিত হৈ ক্ষয় ক্ষতিৰ বুজ লয় বুলি শৰ্মাৰ পৰিয়ালৰ লোকে আমাক জানিব দিয়ে।

তদুপৰি দেৱসত্ৰ অঞ্চলত বনবিভাগৰ নিয়মীয়া পহৰা আৰু অধিক টনকিয়াল কৰা হ’ব বুলি বনবিভাগৰ লোকে স্থানীয় ৰাইজক জানিব দিয়ে আৰু এই ক্ষেত্ৰত তেওঁলোকে ৰাইজৰো সহযোগিতা কামনা কৰিছে।