কলিয়াবৰৰ জয়সাগৰ দলনিৰ সজাগতা সভাত অৰণ্য মানৱ যাদৱ পায়েং

ঐতিহ্যমণ্ডিত কলিয়াবৰৰ জয়সাগৰ দলনিত বছৰটোৰ বাৰমাহে বিভিন্ন দেশ-বিদেশৰ পৰা অহা পৰিভ্ৰমী চৰাইৰ বিচৰণ কৰি থকা দেখিবলৈ পোৱা যায়। বিশেষকৈ শীতৰ এই সময়ছোৱাত এই দলনি খনত বিভিন্ন প্ৰজাতিৰ চৰাই দেখিবলৈ পোৱা যায়। সেয়েহে এই জয়সাগৰ দলনিক এখন পৰ্যটনস্থলীৰ ৰূপ দিবলৈ আজি জয়সাগৰ দলনিৰ পাৰত এখন সজাগতা সভাৰ আয়োজন কৰে। এই সজাগতা সভাত উপস্থিত থাকে অৰণ্য মানৱ যাদৱ পায়েঙ, কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি পংকজ চক্ৰৱৰ্তী আৰু কাজিৰঙা পিপল ফৰ এনিমেল আদিকে ধৰি বিভিন্ন দল-সংগঠনে অংশগ্ৰহণ কৰে।

জানিব পৰা মতে সভাখন আৰম্ভ হোৱাৰ আগতে কলিয়াবৰৰ শিলঘাট, মাধতাৰি, চামধৰা, শেনচোৱা, ভোলাগুৰিকে ধৰি বিভিন্ন অঞ্চলত পক্ষী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টি কৰিবলৈ এখনি চাইকেল ৰেলীৰ আয়োজন কৰে। এই চাইকেল ৰেলীত অৰণ্য মানব যাদৱ পায়েঙ, কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে কেন্দ্ৰ কৰি স্থানীয় ৰাইজে যোগদান কৰে।

চাইকেল ৰেলীৰ পিছতে অৰণ্য মানৱ আৰু কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি গৰাকীয়ে বৃক্ষৰূপন কাৰ্য্যসূচী ৰূপায়ণ কৰে। ইয়াৰ পিছতে আৰম্ভ হোৱা সজাগতা সভাত ভাষণ প্ৰদান কৰি গছ-গছনিৰ লগতে চৰাই-চিৰিকতিৰ ৰক্ষণাবেক্ষণৰ বাবে সভাত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীৰ লগতে কলিয়াবৰবাসী ৰাইজক আহ্বান জনায়। ইয়াৰ উপৰি জয়সাগৰ দলনি খন পৰিবেশ বিজ্ঞান অধ্যয়নৰ স্থলী হব লাগে বুলি পায়েঙে মত পোষণ কৰে।

অৰণ্য মানৱজনে ভাষণ প্ৰদান কৰাৰ পিছতে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি পংকজ চক্ৰৱৰ্তীয়ে বক্তব্য দাঙি ধৰে। কথাৰ প্ৰসংগতে তেওঁ কলং পুনৰ উজ্জীৱিত কৰাত জয়সাগৰ দলনি খনে এক বিশেষঃ সহায় কৰিব বুলি উল্লেখ কৰে। ইয়াৰ লগতে জয়সাগৰ দলনিক পৰ্যটনস্থলী হিচাপে পৰিগণিত কৰাৰ ক্ষেত্ৰত প্ৰশাসনক সহায়-সহযোগিতা আগবঢ়াবৰ বাবে কলিয়াবৰীয়া ৰাইজক অনুৰোধ জনায়।