NORTHEAST NOW (Assamese)

চোৰৰ উৎপাতত বিনিদ্ৰ ৰজনী কটাইছে কলিয়াবৰৰ ৰাইজে; একেদিনাই দুঘৰৰ পৰা লুটি নিলে লক্ষাধিক টকাৰ সা-সম্পত্তি

July 10, 2018 12:05 pm · ৰিদিপ শর্মা

কলিয়াবৰত দিনক দিনে চোৰৰ দপদপনি বৃদ্ধি পাবলৈ ধৰিছে, চোৰৰ উৎপাতত এতিয়া ৰাইজে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে, সৰ্বস্বান্ত হৈছে বহু পৰিয়াল। সোমবাৰে কলিয়াবৰৰ দাৰিগজি গাঁৱত সংঘটিত হয় দুটাকৈ চুৰিকাণ্ড।

প্ৰাপ্ত তথ্য মতে, ঘৰত কোনো নথকাৰ সুযোগ লৈ সোমনাথ শইকীয়া আৰু প্ৰদীপ শইকীয়াৰ বাসগৃহত চোৰে দৰ্জাৰ লক আৰু খিৰিকীৰ ৰ’ড ভাঙি প্ৰৱেশ কৰি লুটি নিয়ে বহু মূল্যবান আ-অলংকাৰ। পৰিয়াল দুটাৰ পৰা চোৰে প্ৰায় তিনি লাখ টকা মূল্যৰ সা-সামগ্ৰীৰ লৈ যোৱাৰ লগতে দুই ঘৰৰ পৰা নগদ মুঠ বাইশ হাজাৰ টকা চুৰি কৰে।

ঘটনাৰ খবৰ পায় কলিয়াবৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান অব্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰলৈকে চোৰৰ কোনো সম্ভেদ উলিয়াব পৰা নায়।

পৰিয়ালৰ লোকে জনোৱা মতে, সোমবাৰে পুৱা ১০ মান বজাতে ঘৰত টলা লগাই ফুৰিবলৈ গৈছিল দুয়োটা প্ৰতিবেশী পৰিয়াল। সন্ধিয়া ঘৰলৈ উভতি অহাৰ পিছতহে পোহৰলৈ আহে দিনৰ ভাগতে সংঘটিত এই চুৰিকাণ্ডৰ ঘটনা।

কলিয়াবৰত সঘনাই সংঘটিত হৈ থকা চুৰি কাৰ্য্যত বিতুষ্ট হৈ পৰা অঞ্চলটোৰ ৰাইজে এই চুলি কাণ্ডসমূহৰ সৈতে এক বৃহৎ চোৰৰ দল জড়িত হৈ আছে বুলি মত ব্যক্ত কৰিছে।

Related News