NORTHEAST NOW (Assamese)

কলিয়াবৰৰ ন-সত্ৰত পথ দুৰ্ঘটনা

November 22, 2017 8:39 am · এন ই নাও নিউজ ব্যুৰো, নগাওঁ :
Updated: November 22, 2017 9:05 am
দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক আৰু টেংকাৰ।

আজি দুপৰীয়া ১.৩০ বজাত কলিয়াবৰৰ ন-সত্ৰত পথ দুৰ্ঘটনা সংঘটিত হয়। নগাওঁ অভিমুখে আহি থকা এখন মালভৰ্তি ট্ৰাকে (AS 01W 3904) নগাৱঁৰ দিশৰ পৰা গৈ থকা গেছভৰ্তি ট্ৰেংকাৰত (AS 04 AC 9149) খুন্দা মৰাত এই দুৰ্ঘটনাটো সংঘটিত হয়। জানিব পৰামতে ট্ৰাকৰ চালকজন সুৰামত্ত অৱস্থাত আছিল। দুৰ্ঘটনাটোত ট্ৰাকখনৰ ড্ৰাইভাৰ আৰু হেন্দিমেন আহত হয় আৰু তেওঁলোকক জখলাবন্ধা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। অৱশ্যে গেছভৰ্তি ট্ৰাকখনৰ বিশেষ ক্ষতি নোহোৱা বাবে ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল অঞ্চলবাসী।

Related News