NORTHEAST NOW (Assamese)

কাইলৈৰ পৰা মাইবাঙত ৪ৰ্থ সংখ্যক মহিলা নক-আউট ফুটবল

July 14, 2018 11:17 am · পংকজকুমাৰ দেব
Updated: July 14, 2018 11:19 am

ৰাছিয়া বিশ্বকাপ ফুটবল জ্বৰত এতিয়া সমগ্ৰ বিশ্ব আক্ৰান্ত হৈ থকাৰ সময়তেই পাহাৰীয়া ডিমা হাচাও জিলাৰ মহকুমা মাইবাং চহৰ মহিলা ফুটবলৰ আয়োজনক লৈ ব্যস্ত  হৈ পৰিছে। ইতিমধ্যে সমগ্ৰ অসমৰ পৰা মাইবাঙত পদাৰ্পণ কৰিছেহি মহিলা ফুটবল দলসমূহ। ইতিমধ্যে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠা মাইবাঙৰ ডিশ্ৰু ক্লাব খেল পথাৰত কাইলৈৰ পৰা চহৰখনৰ  আৰম্ভ হ’ব চহৰখনৰ বহু প্ৰত্যাশিত ৪র্থ সংখ্যক এম,এল,এ  কাপ-২০১৮  অসম মহিলা নক-আউট ফুটবল প্ৰতিযোগিতা ।

এই ফুটবল প্ৰতিযোগিতাৰ আয়োজক হৈছে  মাইবাং ক্রীড়া সংস্থা আৰু  মাইবাং ডিশ্ৰু কালচাৰেল ক্লাব । ইতিমধ্যে সদৌ অসম ফুটবল সংস্থা, গুৱাহাটিৰ ফালৰ পৰা খেল অনুষ্ঠিত কৰাৰ যাৱতীয় অনুমতি প্ৰদান কৰাৰ লগতে সামগ্ৰিক ভাৱে সাজু হৈ উঠিছে মাইবাং ক্ৰীড়া সংস্থা আৰু মাইবাং ডিশ্ৰু কালচাৰেল ক্লাব। যোৱা বছৰৰ বিজয়ী দল কোকৰাঝাৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু কেইটা মহিলা ফুটবল দলে ইতিমধ্যে যোগদান কৰিছে। প্ৰতিযোগিতাত যোগদান কৰা দলসমূহৰ ভিতৰত আছে ধেমাজি, বাক্সা, গোৱালপাৰা, নগাঁও, নাওকাটা, তিনিচুকীয়া, মৰাণ, ডিব্রুগড়,শিলচৰ, হাইলাকান্দি, কালাইন, লক্ষ্মীপুৰ, উদ্যান কৃষি সংঘ ফুটবল কোচিং চেন্টাৰ, গুৱাহাটী।

মাইবাঙ  ক্ৰীড়া সংস্থাৰ প্রচাৰ সচিব  হেম প্রসাদ ৰাই ও মনিব থাউচেনে জানিব দিয়া অনুসৰি এই আমন্ত্রণমূলক মহিলা ফুটবল প্ৰতিযোগিতা খনত প্রথম পুৰস্কাৰ ৫০,০০০ টকা, দ্বিতীয় পুৰস্কাৰ ৩০,০০০ টকা আৰু ৩য় পুৰস্কাৰ ২০,০০০টকা প্ৰদান কৰা হ’ব। ইয়াৰ উপৰিও শ্ৰেষ্ঠ খেলুৱৈ, শ্ৰেষ্ঠ গ’ল ৰক্ষক আৰু অধিক গ’ল দাতাক পুৰস্কাৰ প্রদান কৰা হব।

লগতে সংস্থাৰ পুঁজিৰ কাৰণে এখন বৰঙণি কুপন খেলৰ আয়োজন কৰা হৈছে।

Related News