দক্ষিণ-পশ্চিম পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ ৰাজধানী কুৱেটাৰ উপকণ্ঠ অঞ্চলৰ কয়লা খনিত সংঘটিত হৈছে এক ভয়ংকৰ বিস্ফোৰণ। বৃহস্পতিবাৰে এই মৰ্মান্তিক দুৰ্ঘটনাত ৩২ জন খনি শ্ৰমিক নিহত হয়। খনিটোৰ গভীৰ আন্ধাৰত এতিয়াও আবদ্ধ হৈ আছে আৰু কমেও ১০ জন শ্ৰমিক।
আবদ্ধ শ্ৰমিকসকলক বাহিৰলৈ উলিয়াই আনিবলৈ প্ৰশাসনিক পৰ্যায়ত দ্ৰুত উদ্ধাৰ অভিযান চলোৱা হৈছে। কিন্তু সময়ৰ লগে লগে ভিতৰত থকাসকলক জীৱিত অৱস্থাত বিচাৰি পোৱাৰ আশা ম্লান হৈ পৰাত মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।
প্ৰাৰম্ভিক অনুমান অনুসৰি খনিৰ ভিতৰত বিষাক্ত মিথেন গেছ জমা হোৱাৰ বাবেই এই ভয়ানক বিস্ফোৰণ সংঘটিত হয়। চৰকাৰী খনি পৰিদৰ্শক গণি বালোচে জনোৱা মতে, ঘটনাৰ লগে লগে ৭টা মৃতদেহ উদ্ধাৰ কৰা হয়। পিছত উদ্ধাৰ কৰ্মীয়ে আৰু ১১ জন লোকৰ নিথৰ মৃতদেহ উলিয়াই আনে। শেহতীয়া খবৰ অনুসৰি এতিয়ালৈকে ৩২ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
বালোচে লগতে কয় যে মিথেন গেছ বিস্ফোৰণৰ ফলত খনিটোৰ ভিতৰত অক্সিজেনৰ মাত্ৰা শূন্য হৈ পৰে, যাৰ ফলত আৱদ্ধ লোকসকলৰ জীয়াই থকাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পাইছে। অৱশ্যে উদ্ধাৰকাৰীয়ে সতৰ্কতাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু মাটিৰ তলত আবদ্ধ হৈ থকা শেষ ব্যক্তিজনক বিচাৰি নোপোৱালৈকে অভিযান অব্যাহত ৰখা হ’ব।
সম্প্ৰতি দুৰ্ঘটনাগ্ৰস্ত খনিটোৰ বাহিৰত আৱদ্ধ শ্ৰমিকসকলৰ আত্মীয়ই উদ্বিগ্নতাৰে সময় পাৰ কৰিছে। ইতিমধ্যে উদ্ধাৰ হোৱা মৃতদেহ পৰিয়ালক গতাই দিয়া হৈছে। এনে পৰিস্থিতিত বেলুচিস্তানৰ খনি আৰু খনিজ সম্পদ মন্ত্ৰী শ্বোৱেইব নোশ্বেৰৱানীয়ে মৃতকৰ পৰিয়ালসমূহৰ প্ৰতিজনকে ৫ লাখ পাকিস্তানী টকা (প্ৰায় ১৮০০ মাৰ্কিন ডলাৰ) আৰ্থিক ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। তদুপৰি, খনিৰ ভৱিষ্যতে নিৰাপত্তাৰ ত্ৰুটি দূৰ কৰিব পৰাকৈ এই ঘটনাৰ পুংখানুপুংখ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।
উল্লেখ্য যে কুৱেটা অঞ্চলৰ কয়লা খনিত এনে মৰ্মান্তিক দুৰ্ঘটনা প্ৰথমবাৰৰ বাবে নহয়। স্থানীয় খনি শ্ৰমিক সংঘসমূহৰ অভিযোগ যে খনিসমূহত পৰ্যাপ্ত সুৰক্ষাবিধি মানি নচলাৰ বাবে এনে মৃত্যুৰ ঘটনা বাৰে বাৰে সংঘটিত হৈ আছে।





