কাইলৈ হাতীৰে কাজিৰঙা দৰ্শন কৰিব কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰিয়ে

আজি বিয়লি কাজিৰঙাত আহি উপস্থিত হয় পথ, ৰাষ্ট্ৰীয় ঘাইপথ আৰু যাতায়াতৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰি ৷ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে গুৱাহাটীৰ পৰা হেলিকপ্তাৰেৰে আহি কাজিৰঙাৰ মিহিমুখত স্থাপন কৰা অস্থায়ী হেলিপেডত অৱতৰণ কৰে। তাৰ পিছত তেওঁ ইয়াৰ কাষতে থকা ‘বৰগছ’ নামৰ বিলাসী ৰিজ’ৰ্টখনত আতিথ্য গ্ৰহণ কৰে ৷ কিছু সময় জিৰণিৰ পাছতেই নীতিন গাডকাৰিয়ে উত্তৰ-পূবৰ মুখ্য মন্ত্ৰীসকলৰ সৈতে বৈঠকত অংশ গ্ৰহণ কৰে ৷

বৈঠকৰ বাবে উত্তৰ-পূবৰ আন আন মুখ্য মন্ত্ৰীৰ লগতে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ইতিমধ্যে কাজিৰঙাৰ ‘বৰগছ’ ৰিজ’ৰ্টত উপস্থিত হৈছেহি। আজিৰ বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুখ্য মন্ত্ৰী সকলৰ লগত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ উন্নয়নৰ বিষয়ে আলোচনা কৰে ৷ কাইলৈ তেওঁ অঞ্চলটোৰ জল পৰিবহণ ব্যৱস্থাৰ ওপৰত আলোচনা কৰাৰ কথা ৷ দুদিনীয়া এই বৈঠকৰ পাছত ৩০ ডিচেম্বৰ পুৱা হাতীৰে কাজিৰঙা দৰ্শন কৰিব। উত্তৰ-পূৰ্বাঞ্চৰ বাবে গুৰুত্বপূৰ্ণ এই বৈঠকৰ বাবে কেইবাজনো মুখ্য মন্ত্ৰী আৰু আমোলা বিষয়াৰে ভৰি পৰিছে কাজিৰঙা ৷

উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰীজনৰ সুৰক্ষাৰ বাবে অঞ্চলটোত অৰ্ধ-সামৰিক বাহিনীৰ উপৰি আৰক্ষীও মেতায়েন কৰা হৈছে ৷ আনহাতে আমোলা-বিষয়াসকলৰ বাবে দুদিন ধৰি বুক কৰা হৈছে কাজিৰঙাৰ বহু ৰিজৰ্ট , যাৰ বাবে গাঁঠিৰ ধন ভাঙি কাজিৰঙা দৰ্শনৰ বাবে অহা দেশী-বিদেশী পৰ্যটক সকল বিপদত পৰিছে ৷