কাগজ কল পুনৰুজ্জীৱিতকৰণৰ দাবীত আজি আছুৰ অৱস্থান ধৰ্মঘট

ASSAU Logo

জাগীৰোডস্থিত নগাঁও কাগজ কল আৰু আৰু কাছাৰত অৱস্থিত পাঁচগ্ৰাম কাগজ কল দুটা পুনৰুজ্জীৱিতকৰণৰ প্ৰসংগত বিভিন্ন সময়ত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদ, আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰি অহাৰ সময়তে আজি পুনৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰিব। জানিব পৰা অনুসৰি আজি ৰাতিপুৱা ১১ বজাৰ পৰা জাগীৰোড কাগজ কল খেলপথাৰত এই তিনি ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচীৰ আয়োজন কৰিছে।

মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত উপস্থিত থাকিব আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈকে আদি কৰি অন্যান্য নেতৃবৃন্দ।

শেহতীয়াকৈ কাগজ কল প্ৰসংগত ছাত্ৰ সন্থাই ইতিমধ্যে যোৱা ২০ ফেব্ৰুৱাৰিত ১০ ঘণ্টীয়া গণ অনশন আৰু ২৫ ফেব্ৰুৱাৰিত প্ৰতিবাদী নাগৰিক সভাৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।

উল্লেখযোগ্য যে নগাঁও কাগজ কল আৰু আৰু কাছাৰ কাগজ কলৰ উৎপাদন সম্পূৰ্ণৰূপে বন্ধ হৈ থকাৰ লগতে বিগত ১৭ মাহে কল দুটাত কাম কৰা কৰ্মচাৰী সকলে প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ আছে। সেয়ে আজি ছাত্ৰ সন্থাই কৰ্মচাৰীৰ দৰমহা আদায়, কল দুটা পুনৰুজ্জীৱিত কৰা আৰু আধুনিকীকৰণ কৰা আদি দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।