• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁও কাগজ কল পুনৰিজ্জীৱিত কৰাৰ বাবে প্ৰতিবাদত বহিল আছু

এন ই নাও নিউজ by এন ই নাও নিউজ
February 20, 2018 2:44 pm
Main Gate oF Nagaon Paper Mill
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মৰিগাঁৱৰ জাগিৰোডস্থিত নগাঁও কাগজ কল পুনৰিজ্জীৱিত কৰাৰ উদ্দেশ্যে কাগজ কলত আজি পুৱাৰে পৰাই প্ৰতিবাদত নামিছে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে। ৰাতিপুৱা ৭ বজাৰ পৰা কাগজ কলৰ মুখ্যদ্বাৰত সংগঠনটোৱে ১০ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী আৰম্ভ কৰে।

উল্লেখ্য যে বিগত ১৭ মাহে দৰমহাৰ পৰা বঞ্চিত হৈ থকা কাগজ কলৰ কৰ্মচাৰীসকলৰ এতিয়া তথৈ নচ অৱস্থা। যাৰ পৰিণতিত সোমবাৰে ম’বাইল টাৱাৰত উঠি এজন কৰ্মচাৰীয়ে আত্মহত্যাৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈছিল। আনহাতে, মানসিক চাপত ভুগি দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল দুলু বৰা নামৰ আন এজন কৰ্মচাৰীৰ।

Apply Now

লক্ষ্যণীয় যে বৰ্তমান তীব্ৰ আৰ্থিক অনাটনত ভুগিছে কাগজ কলৰ কৰ্মচাৰীৰ পৰিয়ালসমূহ। শংকা আৰু অনিশ্চয়তাত দিন পাৰ কৰিব লগীয়া হৈছে কৰ্মচাৰীসকলে। মজুৰি নোপোৱাৰ ফলত ল’ৰা-ছোৱালীৰ ভৱিষ্যত অন্ধকাৰছন্ন হৈ পৰিছে।

মন কৰিবলগীয়া যে বিভিন্ন সময়ৰ পৰা কাগজ কল মজদুৰ সংঘৰ বিষয়ববীয়া তথা কৰ্মচাৰীসকলে কাগজকলটো পুনৰিজ্জীৱিত কৰাৰ বাবে চৰকাৰী পক্ষৰ লগত আলোচনাত মিলিত হৈ আছে। কিন্তু এই পৰ্যন্ত চৰকাৰে পুনৰিজ্জীৱিত কৰাৰ ক্ষেত্ৰত তথা কৰ্মচাৰীসকলৰ জীৱনৰ সুৰক্ষাৰ স্বাৰ্থত কোনো ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হোৱা নাই। দিছপুৰীয়া ৰজাঘৰীয়া তথা কেন্দ্ৰই কেৱল আশ্বাসৰ ওপৰত আশ্বাস প্ৰদান কৰাহে দেখা গৈছিল।

ইয়াৰ উপৰি অসমৰ ৰাজ্যপাল জগদীশ মুখীক যোৱা বছৰৰে ডিচেম্বৰ মাহৰ শেষৰ ফালে কাগজকল মজদুৰ সংঘৰ এটা প্ৰতিনিধি দলে সাক্ষাত কৰোতে কাগজ কল বিষয়টোত খোদ ৰাজ্যপালে কেন্দ্ৰীয় চৰকাৰৰ বিভাগীয় মন্ত্ৰালয়ৰ লগত আলোচনা কৰাৰো আশ্বাস প্ৰদান কৰিছিল। কিন্তু এতিয়া সেই সকলো আশ্বাস অসাৰত পৰিণত হোৱা বুলি মত প্ৰকাশ কৰে কাগজ কলৰ বিষয়া-কৰ্মচাৰীয়ে।

উল্লেখযোগ্য যে এসময়ত ৰাজ্যৰ অৰ্থনৈতিক উন্নতিত যথেষ্ট অৱদান আগবঢ়োৱা নগাঁৱৰ এই কাগজ কল বৰ্তমান ঋণত ডুব গৈ আছে। ১৯৭৯ চনত স্থাপিত আৰু ১৯৮৩ চনৰ পৰা  ব্যৱসায়িকভাৱে উৎপাদন আৰম্ভ কৰা নগাঁও কাগজ কলটো হিন্দুস্তান পেপাৰ ক’ৰ্পৰেচনৰ অধীনৰ চতুৰ্থটো গোট।

এই সকলো বোৰ কাৰণতে আজি আছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। লগতে প্ৰতিবাদস্থলীৰ পৰা আছুৰ নেতৃবৃন্দই কাগজ কলটো পুনৰিজ্জীৱিত কৰাৰ ক্ষেত্ৰত তাৎক্ষণিকভাবে পদক্ষেপ গ্ৰহণৰ আহ্বান জনায় চৰকাৰৰ ওচৰত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

July 16, 2026 7:43 pm
সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd