মৰিগাঁৱৰ জাগিৰোডস্থিত নগাঁও কাগজ কল পুনৰিজ্জীৱিত কৰাৰ উদ্দেশ্যে কাগজ কলত আজি পুৱাৰে পৰাই প্ৰতিবাদত নামিছে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে। ৰাতিপুৱা ৭ বজাৰ পৰা কাগজ কলৰ মুখ্যদ্বাৰত সংগঠনটোৱে ১০ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী আৰম্ভ কৰে।
উল্লেখ্য যে বিগত ১৭ মাহে দৰমহাৰ পৰা বঞ্চিত হৈ থকা কাগজ কলৰ কৰ্মচাৰীসকলৰ এতিয়া তথৈ নচ অৱস্থা। যাৰ পৰিণতিত সোমবাৰে ম’বাইল টাৱাৰত উঠি এজন কৰ্মচাৰীয়ে আত্মহত্যাৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈছিল। আনহাতে, মানসিক চাপত ভুগি দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল দুলু বৰা নামৰ আন এজন কৰ্মচাৰীৰ।
লক্ষ্যণীয় যে বৰ্তমান তীব্ৰ আৰ্থিক অনাটনত ভুগিছে কাগজ কলৰ কৰ্মচাৰীৰ পৰিয়ালসমূহ। শংকা আৰু অনিশ্চয়তাত দিন পাৰ কৰিব লগীয়া হৈছে কৰ্মচাৰীসকলে। মজুৰি নোপোৱাৰ ফলত ল’ৰা-ছোৱালীৰ ভৱিষ্যত অন্ধকাৰছন্ন হৈ পৰিছে।
মন কৰিবলগীয়া যে বিভিন্ন সময়ৰ পৰা কাগজ কল মজদুৰ সংঘৰ বিষয়ববীয়া তথা কৰ্মচাৰীসকলে কাগজকলটো পুনৰিজ্জীৱিত কৰাৰ বাবে চৰকাৰী পক্ষৰ লগত আলোচনাত মিলিত হৈ আছে। কিন্তু এই পৰ্যন্ত চৰকাৰে পুনৰিজ্জীৱিত কৰাৰ ক্ষেত্ৰত তথা কৰ্মচাৰীসকলৰ জীৱনৰ সুৰক্ষাৰ স্বাৰ্থত কোনো ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হোৱা নাই। দিছপুৰীয়া ৰজাঘৰীয়া তথা কেন্দ্ৰই কেৱল আশ্বাসৰ ওপৰত আশ্বাস প্ৰদান কৰাহে দেখা গৈছিল।
ইয়াৰ উপৰি অসমৰ ৰাজ্যপাল জগদীশ মুখীক যোৱা বছৰৰে ডিচেম্বৰ মাহৰ শেষৰ ফালে কাগজকল মজদুৰ সংঘৰ এটা প্ৰতিনিধি দলে সাক্ষাত কৰোতে কাগজ কল বিষয়টোত খোদ ৰাজ্যপালে কেন্দ্ৰীয় চৰকাৰৰ বিভাগীয় মন্ত্ৰালয়ৰ লগত আলোচনা কৰাৰো আশ্বাস প্ৰদান কৰিছিল। কিন্তু এতিয়া সেই সকলো আশ্বাস অসাৰত পৰিণত হোৱা বুলি মত প্ৰকাশ কৰে কাগজ কলৰ বিষয়া-কৰ্মচাৰীয়ে।
উল্লেখযোগ্য যে এসময়ত ৰাজ্যৰ অৰ্থনৈতিক উন্নতিত যথেষ্ট অৱদান আগবঢ়োৱা নগাঁৱৰ এই কাগজ কল বৰ্তমান ঋণত ডুব গৈ আছে। ১৯৭৯ চনত স্থাপিত আৰু ১৯৮৩ চনৰ পৰা ব্যৱসায়িকভাৱে উৎপাদন আৰম্ভ কৰা নগাঁও কাগজ কলটো হিন্দুস্তান পেপাৰ ক’ৰ্পৰেচনৰ অধীনৰ চতুৰ্থটো গোট।
এই সকলো বোৰ কাৰণতে আজি আছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। লগতে প্ৰতিবাদস্থলীৰ পৰা আছুৰ নেতৃবৃন্দই কাগজ কলটো পুনৰিজ্জীৱিত কৰাৰ ক্ষেত্ৰত তাৎক্ষণিকভাবে পদক্ষেপ গ্ৰহণৰ আহ্বান জনায় চৰকাৰৰ ওচৰত।