কাছাৰ-নগাঁও কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীত ৩ জুনত প্ৰতিবাদী সভা

IMG-20180531-WA0018

কাছাৰ আৰু নগাঁও কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীত পুনৰ এবাৰ প্ৰতিবাদত নমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কাগজকলৰ কৰ্মচাৰীসকল।

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ভুৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি পাঁচগ্ৰাম টাউনশ্বিপৰ কমিনিউটি হলত অহা ৩ জুনত প্ৰতিবাদী নাগৰিক সভা অনুষ্ঠিত হ’ব।

পাঁচগ্ৰামৰ বিশিষ্ট নাগৰিক ৰামেন্দ্ৰ কুমাৰ চন্দ আৰু হাজী আব্দুল মনাপ মীৰাৰ নেতৃত্বত এই প্ৰতিবাদী সভা আহ্বান কৰা হৈছে।

এই প্ৰতিবাদী সভা সন্দৰ্ভত ৰামেন্দ্ৰ কুমাৰ চন্দই এক প্ৰেছ বিবৃতি যোগে কয় যে কাছাৰ আৰু নগাঁও কাগজ কল ‘অসমৰ জাতীয় সম্পদ’। কিন্তু এই মহা মূল্যৱান সম্পদ দুটা মৃত্যুৰ দুৱাৰ দলিত। এই কাগজ কল দুটাৰ লগত জড়িত হৈ আছে বৰাক-ব্ৰহ্মপুত্ৰৰ কেইবা শ লোকৰ জীৱিকাৰ প্ৰশ্ন।

উল্লেখ্য যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কিছু দিন পূৰ্বে কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও এই ক্ষেত্ৰত বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

আনহাতে কাগজ কল দুটা পুনৰুজ্জীৱিত কৰিবলৈ শ্ৰমিক-কৰ্মচাৰীসকলে চৰকাৰক দাবী জনায়।