কাজিৰঙাত চোৰাংচিকাৰীক প্ৰতিহত কৰিবলৈ ব্যৱহাৰ কৰা হ’ব অত্যাধুনিক মাৰণাস্ত্ৰ

কাজিৰঙাত চোৰাংচিকাৰীক প্ৰতিহত কৰিবলৈ গৈ অসম চৰকাৰে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ লৈ আহিছে যদিও সম্পূৰ্ণকৈ সফল হ’ব পৰা নাই কোনো এখন চৰাকাৰ। অসম গৌৰৱ এশিঙীয়া গঁড়ক সুৰক্ষা দিয়াত ব্যৰ্থ হোৱা বাবে প্ৰতিখন চৰকাৰ জনসাধাৰণ তথা প্ৰকৃতিপ্ৰেমীৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে। বিজেপি নেতৃত্বাধীন নতুন চৰকাৰখন এই চোৰাং চিকাৰীৰ দৌৰাত্ম্য ৰোধত কিছু পৰিমাণে সফল হোৱা বুলি ভবাৰ সময়তে শেহতীয়াকৈ আকৌ চোৰাং চিকাৰীৰ উৎপাত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। সেয়ে চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তত এই সমস্যাৰ সৈতে অধিক দক্ষতাৰে যাতে বনকৰ্মীসকল মুখামুখি হ’ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এক নতুন পদক্ষেপ লৈছে। চোৰাং চিকাৰীক যাতে কঠোৰভাৱে প্ৰত্যাহ্বান জনাবলৈ বনকৰ্মীসকল সক্ষম হয় তাৰ বাবে চৰকাৰে বন বিভাগৰ হাতত তুলি দিবলৈ ওলাইছে অত্যাধুনিক মাৰণাস্ত্ৰ। চৰকাৰৰ এটা সূত্ৰই জনোৱা মতে এই অত্যাধুনিক মাৰণাস্ত্ৰবোৰ চেন্নাই পৰা অনা হ’ব। অহা নৱবৰ্ষৰ প্ৰাৰম্ভণিতে বনৰক্ষীৰ হাতত থ্ৰী নট থ্ৰী ৰাইফলৰ পৰিৱৰ্তে এই এ কে ছিৰিজৰ ইনছাছ ৰাইফলবোৰ। ইতিপূৰ্বে দহ কোটি টকা ব্যয়ৰে অনা ১৩৯০টা এনে অস্ত্ৰ আহি পাইছে। কালি মহানগৰীৰ বশিষ্ঠত থকা বন সুৰক্ষা বাহিনীৰ শিবিৰত বনমন্ত্ৰী প্ৰমীলাৰাণীয়ে এই অস্ত্ৰসমূহ পৰিদৰ্শন কৰে। বন মন্ত্ৰীৰ লগত প্ৰধান মুখ্য বনসংৰক্ষক বিকাশ ব্ৰহ্ম, এম বাসু, অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক কুমাৰ যাদৱকে ধৰি কোইবাগৰাকী শীৰ্ষ বিষয়াও উপস্থিত থাকে।  উল্লেখযোগ্য যে চোৰাংচিকাৰীয়ে অত্যাধুনিক অস্ত্ৰৰে গঁড় চিকাৰ কৰাৰ সময়ত বনৰক্ষীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত এ কে ৪৭ ৰাইফলৰ দৰে অত্যাধুনিক মাৰণাস্ত্ৰ ব্যৱহাৰ কৰি আহিছে। ইয়াৰ বিপৰীতে বনৰক্ষীসকল থ্ৰী নট থ্ৰী ৰাইফলেৰে চোৰাংচিকাৰীৰ মুখামুখি হৈ আহিব লগীয়া হৈছে। তেনেস্থলত বনৰক্ষীক অত্যাধুনিক মাৰণাস্ত্ৰ দিয়াৰ দাবী বহু পূৰ্বৰে পৰা উত্থাপন হৈ আহিছিল যদিও এই বিষয়টো ঘোষণাতেই সীমাবদ্ধ হৈ আছিল। অৱশেষত বন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ তৎপৰতাত বনৰক্ষীক অত্যাধুনিক মাৰণাস্ত্ৰ দিয়াৰ কামটো হৈ উঠাৰ পথত। জানিব পৰামতে এই অস্ত্ৰ সমূহৰ ভিতৰত আছে ৯ এম এম পিষ্টল ২০ টা, এ কে ৪৭ ৰাইফল ৯১ টা, ইনাছাছ ৰাইফল ২৭২টা, এছ এল আৰ ৰাইফল ৮৭৪ টা আৰু ১৩৩ টা টুৱেলভ ব’ৰ ৰাইফল। এই মাৰণাস্ত্ৰ সমূহে বনৰক্ষীসকলক অধিক মনোবল আৰু অস্ত্ৰবল যোগাব বুলি বন বিভাগটোৱে আশা কৰিছে।