কাজিৰঙাত এইচ ডি এফ চি বেংকৰ ফলকত আফ্ৰিকাৰ দুশিঙীয়া গঁড়; অসমীয়া ভাষাক ভেঙুচালি

নিজৰ ব্যৱসায়িক প্ৰচাৰৰ স্বাৰ্থত গঁড় সংৰক্ষণৰ শ্ল’গানেৰে কাজিৰঙাত ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষতে এইচ ডি এফ চি বেংকে স্থাপন কৰা এখন ফলকে অঞ্চলটোত বিতৰ্কৰ সূচনা কৰিছে ৷

উল্লেখযোগ্য যে এই বিতৰ্কিত প্ৰচাৰ ফলকখনত ব্যৱহাৰ কৰা ছবি আৰু বৰ্ণাশুদ্ধিৰ বাবে সকলোয়ে একেমুখে গৰিহণা দিছে বিত্তীয় প্ৰতিষ্ঠানটোক।

কাজিৰঙাত গঁড় সংৰক্ষণৰ কথা কৈ গঁড়ৰ স্থানত  “গড়”  আৰু  ” মৰ্য্যাদা”ৰ বিপৰীতে মৰ্যদা শব্দ ব্যৱহাৰ কৰি এইচ ডি এফ চি বেংকে গঁড় সংৰক্ষণৰ প্ৰচাৰ চলাইছে। তাৰোপৰি আশ্বৰ্যকৰ কথা যে কাজিৰঙাত অঁৰা এই ফলকত আফ্ৰিকাৰ দুশিঙীয়া গঁড়ৰহে ফটোহে দিয়া হৈছে।

অসমীয়া শব্দৰ বানান ভূলেৰে আফ্ৰিকাৰ দুশিঙীয়া গঁড়ৰ ছবিৰে এইচ ডি এফ চি বেংকৰ দৰে এটা আগশাৰীৰ বিত্তীয় প্ৰতিষ্ঠানে কিহৰ প্ৰচাৰ চলাব বিচাৰিছে বুলি স্থানীয় জনসাধাৰণে মন্তব্য কৰিছে ৷ কাজিৰঙাত যিহেতু আফ্ৰিকাৰ গঁড় সংৰক্ষণৰ প্ৰচাৰৰ প্ৰয়োজন নাই ৷ সেয়েহে ৰাষ্ট্ৰীয় পথৰ কাষৰ পৰা এনে ফলক বিত্তীয় প্ৰতিষ্ঠানটোক শীঘ্ৰেই আঁতৰাবৰ বাবে সকলোয়ে দাবী জনাইছে ৷

আনহাতে অসমীয়া শব্দৰ ভূল বানান থখা এই ফলকে অসমীয়া ভাষাকো ভেঙুচালি কৰিছে বুলি সচেতন লোকে মন্তব্য কৰিছে ৷ লগতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ মান হানি কৰিব পৰা এনে ফলক আঁতৰাবৰ বাবে স্থানীয় প্ৰশাসনকো বিহিত ব্যৱস্থা ল’বৰ বাবে দাবী জনাইছে।