কাজিৰঙাত গণনা নোহোৱাকৈ থাকিব পাৰে আৰু গঁড়, ওৰাঙত ২০০৯-১২ বৰ্ষত ৩৬ টা গঁড় বঢ়াটো সন্দেহজনক : বন মন্ত্ৰী ব্ৰহ্ম

forest minister assam pr brahma

২০০৯ৰ পৰা ২০১২ চনলৈকে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৩৬ টা গঁড়ৰ সংখ্যা বৃদ্ধি পোৱাটো সন্দেহজনক বুলি আজি ৪ এপ্ৰিলত গুৱাহাটীত এক সংবাদ মেলত মন্তব্য কৰে বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই। তেওঁ লগতে দাবী কৰে যে শেহতীয়াকৈ অসম ৰাজ্যত হোৱা ‘গঁড় গণনাত সম্পূৰ্ণৰূপে বিজ্ঞানসম্মত পদ্ধতি আৰু প্ৰযুক্তি কৌশল ব্যৱহাৰ কৰা হৈছে।’

বন মন্ত্ৰীগৰাকীয়ে সদৰী কৰা অনুসৰি ২০১৮ চনৰ গণনাত কাজিৰঙাত ২৪১৩ টা, ওৰাঙত ১০১ টা, পবিতৰাত ১০২ টা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত ৩৪ টা গঁড় পোৱা গৈছে। চাৰিওখন উদ্যান আৰু অভয়াৰণ্য মিলাই পোৱা মুঠতে পোৱা গঁড়ৰ সংখ্যা ২৬৫০ টা।

মন্ত্ৰীগৰাকীয়ে লগতে জনাই যে কাজিৰঙাত মতা-মাইকী গঁড়ৰ অনুপাত ১ : ১.২ আৰু ৩ বছৰৰ ঊৰ্ধ্বৰ গঁড়ৰ সংখ্যা ৩৮৭ টা আৰু পোৱালীৰ সংখ্যা ৩৮৫ টা।

আনহাতে গঁড় গণনাৰ আগতে কাজিৰঙাৰ বনত লগোৱা জুইত মাত্ৰ ২৫-৩০% জংঘলহে পোৰাৰ বাবে ঘন জংঘল বা ইকৰাৰ মাজত গণনাকাৰীৰ চকুত নপৰাকৈ আৰু গঁড় থাকিব পাৰে বুলি গাণনিকসকলে সন্দেহ কৰিছে বুলি বন মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

২০১৫ৰ পৰা ২০১৭ চনলৈকে কাজিৰঙাত বানপানী বা অন্যান্য কাৰণত মৃত্যু হোৱা গঁড়ৰ সংখ্যা ৩৫৯ টা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে জনাই যে ২০১৮ চনত প্ৰাকৃতিকভাৱে ১৪ টা গঁড় মৃত্যুমুখত পৰিছে।

সংবাদ মেলত মন্ত্ৰীগৰাকীয়ে দাঙি ধৰা বিগত বছৰসমূহৰ তথ্য অনুসৰি ১৯৯৯ চনত কাজিৰঙাৰ গঁড়ৰ সংখ্যা ১৫৫২ টা, ওৰাঙত ৪৬ টা, পবিতৰাত ৭৪ টা হোৱাৰ বিপৰীতে মানাহত নাছিল এটাও গঁড়।