কাজিৰঙাৰ দুধৰ্ষ চোৰাংচিকাৰী লক্ষ্য পেগুক গ্ৰেপ্তাৰ : আজি হাজিৰ কৰিব বোকাখাতৰ ন্যায়িক দণ্ডাধীশৰ আদালতত

rhino-poacher-

যোৱা ২৮ ফেব্ৰুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গোলাঘাট জিলাৰ কাঠ চাপৰিৰ পৰা ওলায় যোৱা এটা গঁড়ৰ হত্যাত জড়িত লক্ষ্য পেগু নামৰ এজন দুৰ্ধৰ্ষ চোৰাংচিকাৰীক বন বিভাগ আৰু আৰক্ষীৰ অভিযানকাৰীয়ে দলে যোৱা ২ এপ্ৰিলত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

জানিব পৰা মতে গহপুৰৰ পিচলামুখত থকা নিজ বাসগৃহৰ পৰা অভিযানকাৰী দলটোৱে চোৰাংচিকাৰীজনক আটক কৰে৷ বন বিভাগৰ অনুসন্ধান অনুসৰি লক্ষ্য পেগুয়ে আন সহযোগীৰ সৈতে কাঠ চাপৰিত গঁড়টো হত্যা কৰি খৰ্গ কাটি লৈ উধাও হৈছিল৷ ইফালে আটক কৰাৰ পাছত লক্ষ্য পেগুক কাজিৰঙালৈ অনা হয়৷

কাজিৰঙা কৰ্তৃপক্ষৰ উপৰি আৰক্ষী আৰু গোলাঘাট বন সংমণ্ডলৰ বিষয়াই পেগুক মাৰাথন জেৰা কৰা বুলি জানিব পৰা গৈছে৷ জেৰাৰ সময়ত দুধৰ্ষ গঁড় চিকাৰী লক্ষ্য পেগুৱে ২৮ ফেব্ৰুৱাৰীত কাঠ চাপৰিত সংঘটিত হোৱা গঁড় হত্যাত জড়িত থকাৰ কথা স্বীকাৰ কৰে৷

আনহাতে লক্ষ্য পেগুৰ স্বীকাৰোক্তিত ২৮ ফেব্ৰুৱাৰীত সংঘটিত হোৱা গঁড় হত্যাত আন কেইবাজনো গঁড় চিকাৰী জড়িত থকাৰ কথা পোহৰলৈ আহিছে৷ ইফালে ৩ এপ্ৰিলত কাজিৰঙা কৰ্তৃপক্ষৰ হাতৰ পৰা লক্ষ্য দলেক গোলাঘাট বন সংমণ্ডলে নিজৰ জিন্মাত আনে৷

ইয়াৰ উপৰি আজি গোলাঘাট বন সংমণ্ডলে চোৰাং চিকাৰী লক্ষ্য পেগুক বোকাখাতৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰিব৷ উল্লেখ্য যে লক্ষ্য পেগু কাজিৰঙাৰ বহু গঁড় হত্যাৰ সৈতে জড়িত৷ পূৰ্বেও লক্ষ্য পেগুক গঁড় হত্যাৰ অপৰাধত আটক কৰিছে বন বিভাগে ৷